আহিন••নিশান্ত ভট্টাচাৰ্য

Rinku Rajowar
0
এই যে আহিনৰ প্ৰথমজাক বৰষুণ !
মধুৰ ছন্দৰ লয়লাস ভৰা
এটি মিঠা আলিঙ্গনৰ অনুভূতি ।
বৰ্ষাৰ অন্তত ,
শৰতৰ স্বপ্নীল আগমনত ,
কহুঁৱাই তোলে লহৰ ।
যি লহৰত তুমি হৈ ৰোৱা
এগৰাকী মধুচন্দ্ৰিকাৰ ৰজনীগন্ধা ।
কুঁৱলীৰ শুভ্ৰ আঁচলৰ ওৰণিৰে‌
তুমি আদৰা শাৰদী ৰাণীক ,
এগছি আশাৰ বন্তি জ্বলাই ।
দিগন্তত ৰঙাবেলিটোৰ পোহৰত জিলিকা কহুঁৱাৰ
লয়লাসত মইও ডুব যাওঁ প্ৰেমাস্পদ ৰূপত ।
এয়াই নহয় জানো 
প্ৰেম , শ্ৰদ্ধা, ভক্তিৰ মহামিলন ;
আহিনৰ আগমনিৰ বতৰা ।
   
                ✍️নিশান্ত ভট্টাচাৰ্য
                ঢেকিয়াজুলি
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)