প্ৰশংসা-সংযুক্তা দত্ত

@admin
0
শুনিবলৈ ভাল লগা বা ভাল পোৱা এটা শব্দ হ'ল - প্ৰশংসা।  সকলো মানুহৰে প্ৰশংসা অধিক প্ৰিয়। মানুহে প্ৰশংসা কৰিলে বৰ ভাল পায়। ভাল পাবই দিয়কচোন নিজৰ ভাল গুণবোৰৰ কথা প্ৰশংসা কৰিলে কোনেনো বেয়া পাব। প্ৰশংসা কৰিব পৰাটো এটা ভাল গুণ কাৰণ -  সকলো মানুহে প্ৰশংসা কৰিব নাজানে।  মানুহক উৎসাহ দিব পৰাটো প্ৰশংসা কৰিব পৰাটো এক প্ৰকাৰৰ কলা। কিন্তু সকলো কামৰে এটা নিদিষ্ট সীমা থাকে। প্ৰশংসা সিমানলৈকেহে কৰিব যিমানলৈকে যোগ্য। যেনেদৰে বেছি খাদ্য আমাৰ পেটৰ কাৰণে অপকাৰ ঠিক তেনেদৰে বেছি প্ৰশংসাও আমাৰ মগজু কাৰণে হানিকাৰক। প্ৰশংসা কৰিব লাগিবই কাৰণ- প্ৰশংসায়েহে মানুহক ভাল কাম কৰিবলৈ উৎসাহ যোগাই। কিন্তু যেতিয়া পৰিমাণতকৈ বেছি হয় তেতিয়া সেই প্ৰশংসায়ে একো একোজন ব্যক্তিক অহংকাৰী কৰি তুলিবলৈও বাধ্য কৰাই। 
                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)