মুক্তি•• মেঘালী দলে

Rinku Rajowar
0
দ্বিতীয়বাৰলৈ ৰমলা আইতাৰ যোৱা- থোৱা অৱস্থা। দিনটো যেনিবা ৰাইজৰ আলপৈচানতে শেষ হʼল । পৰিয়ালৰ বাবে বৰকৈ ভাবিবলগীয়া নহʼল । সমস্যা বাঢ়িল ৰাতিলৈ । দুই পুত্ৰ ৰহিম আৰু কৰিমৰ লগতে বোৱাৰীসকলৰ মাজত কাউণ্ট- ডাউন আৰম্ভ হৈ গʼল । গোটেই ৰাতিটো মাকক পৰ দি থকাটো জানো সহজ । পিছদিনা আকৌ অফিচ আছেই। তাতে আকৌ শৌচ- প্ৰস্ৰাৱ ধুই - পখালি চাফা কৰাটো সহজ কথা নহয় ।সেয়ে আইতাক পৰ দিয়া মানুহৰ অভাৱ।
         _ কৰিম, কি হʼল , নাগেশ্বৰ আহিবনে নাহে ? নাহিলে কিন্তু বিপদ আমাৰেই ।ʼ 
 _ৰহিমে তামোল এখন পাগুলিয়াই কʼলে - 
_ আহিম বুলি কৈছে । কিবা কৰে । পিছে ককাইদেউ , পইচাৰ কথাও আছে ।
_ যিমান পইচা যায় যাব আৰু। উপায় নাই বুজিছ , আৰু নোৱাৰি গোটেই ৰাতিটো পৰ দি থকাটো সহজ  জানো কʼ । 
_ মোৰো একেই দশা ককাইদেউ। উপায় নাইকিয়া হৈছে আৰু .......
       নাগেশ্বৰ গাঁৱৰে যুৱক । চহৰত হাজিৰা কাম কৰে । সময়ত সি মানুহক তেজ দিয়ে, কোনোবা দুৰ্ভগীয়া ৰোগীৰ ৰখীয়া হৈ দুটকামান ঘটে। আজিকালি চহৰৰ মানুহৰ হাতত সময়ৰ বৰ অভাৱ। কেৱল কাম - কাম । মাক - দেউতাক , শাহু- শহুৰৰ বেমাৰৰ সময়ত আলপৈচান ধৰিবলৈ সময়েই উলিয়াব নোৱাৰে। এনে কাৰণতেই নাগেশ্বৰহঁতৰ  দৰে মানুহবোৰৰ বৰকৈ প্ৰয়োজন হয়। 

            গধূলি পৰত নাগেশ্বৰ আহি পালেহি । নাগেশ্বৰৰ চকুৱে মুখে উৎকণ্ঠা ।
           _ বুইছ কৰিম , দিন- কাল সলনি হʼল । আজিকালি গাঁৱতো বেমাৰী ৰখিবলৈ মোৰ দৰে মানুহক লগা হʼল । 
           _ হʼব হʼব নাগেশ্বৰ, লেকচাৰ মাৰিব নালাগে । এতিয়া তোৰ হিচাপটো দে । এৰাতিৰ ৰখীয়াৰ বাবদ কিমান লাগিব তোক ? 
         _ ধুৎ .... তোৰ মা মানে মোৰো মা দেচোন । মাক আলপৈচান ধৰোঁতে হাজিৰা লাগেনে? তেওঁৰ আশীৰ্বাদকণেই  মোৰ বাবে বহুত অʼ । 

             নাগেশ্বৰৰ কথাকেইটাই কৰিমক হুলে বিন্ধাদি বিন্ধিলে । নৰিয়া বুঢ়ীক পৰ দিবলৈ সাজু হʼল নাগেশ্বৰ ।
            _ পা.....নী ...... । আইতাৰ ওঁঠত নাগেশ্বৰে এচামুচ পানী ঢালি দিলে । সিও এতিয়া বিপাঙত পৰিল । বুঢ়ীৰ শেষ সময় আহি পালেহি । কিন্তু পুত্ৰ- বোৱাৰীসকলে শুবলৈ যোৱাৰ সময়ত নাগেশ্বৰক সৰ্তকবাণী শুনাই থৈ গৈছে , অঘটন ঘটিলে ঘটিব দিবি । আমিতো একো কৰিব নোৱাৰোঁ । আমাৰ টোপনি খতি নকৰিবি কিন্তু , যি কৰিব লাগে পুৱালৈ দেখা যাব ।
         _ ৰ.....হি ...... ম ....... , তোৰ হাতখন দেচোন । নাগেশ্বৰে তাৰ সোঁহাতখন আগবঢ়াই দিলে। 
           _ " জীয়াই থকাটো বৰ কষ্টকৰ বুজিছ ...... শৰীৰত জীৱটোহে ৰৈছেগৈ..... ৰহিম ...... মোৰ এনে কষ্ট তই চাই থাকিবিনে? পাৰ যদিহে এইখন হাতেৰে ডিঙিটো চেপা মাৰি দে..... পাপে নুচুৱে ...... জীৱনটোহে এথোন..... । বুঢ়ীৰ কথা শুনি নাগেশ্বৰৰ গোটেই গাটো কপিব ধৰিলে । 
          _ জানো তই ভয় খাইছ....  তই মোক মৰিব দিব নিবিচাৰ..... মোলৈ তহঁতৰ কিমান যে মৰম । কৰিম আছে নহয়? 
       বুঢ়ীয়ে বাওঁ হাতেৰে কৰিমক খেপিয়াবলৈ ধৰিলে , কৰিম , তোৰ হাতখনো দে..... নাগেশ্বৰে বাওঁহাতখন আগবঢ়াই দিলে । বুঢ়ীয়ে জোৰেৰে হাতখন খামুচি ধৰিলে ।
           _ পাপ বুলি ভাবিছ যদি দুয়ো পুত্ৰই সমানে ভগাই ল বুইছ ..... গংগাত গৈ গাটো তিয়াই লʼলেই মুক্তি পাবি.... কি চাই আছ..... চেপা মাৰি ধৰ , মোৰ লগতে তহঁতেও  বহু ৰাতি উজাগৰে কটাইছ ...... মৰা শ ৰখীয়া আৰু বেমাৰী ৰখীয়া একে কথা বুইছ..... "
       _ ৰমলা আইতাই নাগেশ্বৰৰ দুয়োখন হাত টানি আনি নিজৰ ডিঙিত জোৰেৰে চেপা মাৰি ধৰিলে । নাগেশ্বৰৰ সৰ্ব শৰীৰ যেন অকামিলা হৈ পৰিলে । ভৰিৰ পৰা মূৰলৈকে চেঁচা পৰি যাব ধৰিলে । বুঢ়ীয়ে যেন তাৰ হাত দুখন উভালি পেলাব এতিয়া । জীৱনৰ পুঞ্জীভূত শক্তিৰ যেন এয়া শেষ উদ্ গীৰণহ্ল । ভয়তে নাগেশ্বৰে চিঞৰি দিলে  , _ ৰ.... হি ..... ম 
        কিন্তু পুৱালৈ অপেক্ষাৰত পুত্ৰ- বোৱাৰীহঁতৰ কোনো ভ্ৰক্ষেপেই  দেখা পোৱা নগʼল । ৰাতিপুৱালৈ যে তেতিয়া ও বহুপৰ বাকী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)