ঘিলামৰা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ••গীতাৰ্থ মজিন্দাৰ

@admin
0
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ মই ITI(Industrial training institute) ত পঢ়াৰ সিদ্ধান্ত লৈ মই ঘিলামৰা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তি কৰিলোঁ। প্ৰথম দিনা যাবলৈ ওলালো মোৰ সৰু কালৰ বন্ধু এজনৰ লগত। মনত অলপ সংকোচ,ভয়,নহবনো কিয়? নতুন ঠাই নতুন পৰিৱেশ।। কিন্তু সেই অনুপাতে কিমান যে আনন্দ। নতুন বন্ধু-বান্ধৱী লগ পাম। কেন্দ্ৰ টো এখন ধুনীয়া কলেজৰ নিচিনা। সেই বাবে কেন্দ্ৰ বুলি নাহেই কলেজ বুলি হে আহে।কলেজলৈ সোমালোহে ক্লাছলৈ সোমোৱা নাই।লগৰ এজনৰ লগত সোমাই গলো,অলপ ভয় ভয় অনুভৱ হৈছিল।অলপ পাছতেই সকলো ঠিক হৈ গ'ল।সোমাই দেখিলোঁ কেন্দ্ৰটো কেইবাটাও বিভাগ আছে (copper,mechanical Diesel,fitter,Electrician,)
নিজৰ বিভাগটো বিচাৰি গʼলো। বিভাগত সোমাই লগে লগে দেখিলোঁ কেইজনমান বন্ধু-বান্ধবী। বন্ধু-বান্ধবী কেইজনৰ ওচৰলৈ গৈ চিনাকি হলো।আমি বন্ধু-বান্ধবী আছিলোঁ ১১ জন। নতুন কলেজ নতুন বন্ধু- বান্ধবী পালোঁ,চিনাকি হলো অতি কম সময়তে আপোন হৈ পৰিলোঁ। বহুত সুখী অনুভৱ কৰিছোঁ। আমাৰ এই বন্ধুত্ব সদায় যাতে এনেদৰে থাকে।
                  এই যান্ত্ৰিকতাৰ পৃথিৱীখনত জীয়াই থাকিব বাবে এটা জিৱিকা নিচেই প্ৰয়োজন। আৰু এজন ব্যক্তি এটা ভাল জীৱিকা পাবৰ বাবে শিক্ষা দিশৰ লগতে জ্ঞান থকাটো প্ৰয়োজন। বৰ্তমান সময়ত এই সমাজ খনত লাখ লাখ লাখ টকা খৰচ নকৰিলে এটা চাকৰি পোৱা সম্ভৱ নহয়।
         কেন্দ্ৰটোৰ চৌ-পাশত ভৰি দি এক যান্ত্ৰিকতাৰ মাজতো সুস্থ পৰিবেশ এটা পাইছিলো। লগতে এই শিক্ষানুষ্ঠানটোত পঢ়িবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছো। শিক্ষানুষ্ঠান থকা উন্নত মানৰ যন্ত্ৰ পাতি,সা-সজুলিৰ যোগেদি ছাত্ৰ - ছাত্ৰী সকলৰ শিক্ষা দিশে যথেষ্ট টনকিয়াল কৰি তুলিছিল।
               শিক্ষাগুৰু সকলৰ কথা নকলে শিক্ষা জীৱন আধৰুৱা হৈ পৰিব। শিক্ষাগুৰু সকলৰ মৰম আদৰ যত্নই পঢ়িবলৈ বেছি আগ্ৰহী কৰি তুলিছিল। বিশেষকৈ কেন্দ্ৰ টো প্ৰধান শিক্ষক, গৌৰৱ চাৰ,পাৰ্থ চাৰ, জাহ্নবী মেমৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী আদৰ যত্নই পঢ়িবলৈ বেছিকৈ উৎসাহিত কৰি তুলিছিল। এই শিক্ষানুষ্ঠানটোত পঢ়াৰ দিন বোৰ মোৰ বাবে সদায় বিশেষ দিন হৈ ৰব।লগতে কেন্দ্ৰটোত থকা মোৰ বন্ধু -বান্ধবী তথা দাদা সকলৰ লগতে কটোৱা প্ৰতিটো মূহূৰ্ত ইমান সূন্দৰ হৈ পৰিছিল। তাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)