ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা••অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
বিশ্ব সন্তান তুমি , 
খাটি অসমীয়া ড: ভূপেন হাজৰিকা ।
গীতিকাৰ সুৰকাৰ সঙ্গীত সম্ৰাট ,
বিশ্ব খনিকৰ তুমি ড: ভূপেন হাজৰিকা! 
তেজ হাজৰিকাৰ পিতৃ,
প্ৰণয় প্ৰিয়া তোমাৰ প্ৰিয়ম্বদা পেটেল!
আকাশ সদৃশ বিশালতা ,
বৈ যোৱা নিজৰা যেন সৰল হৃদয়,
মুক্ত বিহঙ্গম ,
কণ্ঠ বিশাল তুমি খাটি অসমীয়া ।
হিমালয় সদৃশ উচ্চ মন,
সাগৰ সদৃশ গভীৰ অনুভৱ,
আজন্ম বিশ্ব প্ৰেমিক।
কৃষ্ণাঙ্গ শ্বেতাঙ্গ জনতাৰ,
মানৱ দৰদী কণ্ঠেৰে
জগত সভা কঁ‌পাই তোলা ।
বিশ্ব নাগৰিক  ,
জনতাৰ শিল্পী ড: ভূপেন হাজৰিকা।
লুইত খন আপোন তোমাৰ, 
তেনে দৰে আপোন 
ভল্গা টেমচ্ নদী ।
সাত সাগৰ সাঁতুৰি পাৰ হৈ
সৃষ্টি কৰিছিলা এখন চিনাকি জগত ।
মিছিছিপি আৰু গংগা নদী,
বুকুৰ আপোন তোমাৰ ,
পল ৰবচনৰ গীতৰ সুৰেৰে
হাজাৰ জনতাৰ পুলক জগাই,
দৰিদ্ৰ জনতাৰ আপোন মানুহ হ'লা
বিশ্ব গায়ক তুমি ড: ভূপেন হাজৰিকা ।
সমন্বয়ৰ সেঁতু গঢ়োতা ,
ঐক্য মৈত্ৰীৰ স্বপ্ন ৰচোতা,
স্বদেশৰ শব্দ 
"জিলিকাব লুইতৰে পাৰ"
তুমি আপোন ড: ভূপেন হাজৰিকা ।
অৰুণ কিৰণ অৰুণাচল,
পাহাৰ ভৈয়াম অতিকে আপোন,
শ্বিলংত এৰি গলা লিংডো তোমাৰ।
টালিগঞ্জ আৰু 
স্বপ্ন নগৰী মুম্বাইলৈ , 
সপোনৰ বাটেদি জীৱন বিচাৰি গ'লা ,
জীৱনৰ বহু ঘাত - প্ৰতিঘাত লগত লৈ ,
সাৱটি যাযাবৰী জীৱন তোমাৰ ।
জুপুৰী ঘৰ চিনাকি তোমাৰ,
কেঁ‌চা মাটিৰ গোন্ধ নিচেই আপোন  ,
তুমি সাহিত্যিক ড: ভূপেন হাজৰিকা।
কচু ঢেকীয়া , বেঙেনা পিটিকা
তৃপ্তিৰে খাই ভাল পোৱা , 
তুমি তজবজীয়া ডেকা 
অসমীয়া জাতিৰ হিয়াৰ আমঠু ।
জ্যোতি চিত্ৰবন অৱদান তোমাৰ ,
নাওবৈচা বিধান সভা সমষ্টি পৰা ,
ৰাজদৰবাৰত প্ৰতিনিধ্বিত্ব কৰা , 
দক্ষ ৰাজনীতিজ্ঞ তুমি ,
বিধায়ক ড: ভূপেন হাজৰিকা ।
অসমৰ জনতাই  যাচিছোঁ‌ প্ৰণাম
তোমাৰ প্ৰেৰণাই জনতাৰ প্ৰাণ,
জাতিৰ সাংস্কৃতিক মান ,
অসমী আইৰ সন্তান 
ভাৰতৰত্ন তুমি ড: ভূপেন হাজৰিকা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)