প্ৰাণৰ প্ৰাণত জিলিকালা লুইতৰ পাৰ ।
হে মহান শিল্পী তুমি তিনিও কালৰ ,
কিদৰে সোঁৱৰো তোমাক এই অভাগাই !
তোমাৰ ওপজাদিনৰ শুভ লগনত,
ভাৰতৰ পূৰ্বদিশৰ সূৰ্য্য উদয় দেশত !
তোমাৰ জন্ম, জন্মস্বত্বেই অধিকাৰ অসমীয়া ,
এজন ভাল ভাৰতীয় হৈ বিশ্ব জয় কৰিলা।
যাযাবৰ হৈ সকলোৰে হৃদয়ত ঘৰ সাজিলা ,
মোৰ জ্ঞানকোষত নাই যে কাব্যিক ভাষা !
তোমাৰ এই শুভ ক্ষণত জনাবলৈ প্ৰাৰ্থনা ,
তুমি বিশ্ব বৰেণ্য জ্ঞান-সুৰৰ সাগৰ ।
তুমি ভাৰত ৰত্ন সংগীত সূৰ্য সুধাকণ্ঠ,
অসমৰ সুসন্তান ড৹ ভূপেন হাজৰিকা,
তোমাৰ যাদুকৰী কণ্ঠৰে সুৰ নিগৰাই ,
বিশ্বৰ বুকুত সাজিলা তুমি সুৰৰ জিঞ্জিৰি,
তুমি যাযাবৰ হৈ দিহিঙে-দিপাঙে ঘূৰিলা,
বিশ্বয়েই যেন তোমাক আঁকোৱালি ল'লে ।
বিশ্বয়েই তোমাৰ ঘৰ, সুৰসমলয়!
তুমি নানান কৃষ্টিৰ সৃষ্টিৰ পাতনি মেলি ,
সুৰৰ লহৰে লহৰে তুমি আজি যেন ,
অসমীয়াৰ অন্তৰে অন্তৰে থাপিলা বেদী ।
তোমাৰ অনবদ্য সৃষ্টিৰ অমিয়া সুৰৰ ধাৰাই,
আকাশে বতাহে আজি শুনো
তোমাৰ হেনো নাম ।
কৃষ্টি-সংস্কৃতিৰ যুগজয়ী সৃষ্টি ,
তুমি বিশ্ব বৰেণ্য মহান শিল্পী মহানায়ক ,
অমৰ সৃষ্টিৰ নদী বোৱাই বিশাল সাগৰ লৈ ,
তুমি মানুহক ভাল পোৱা মানুহৰ গান গোৱা ।
লুইতৰ বুকুত মহামিলনৰ সমন্বয়ৰ সেঁতু গঢ়ি ,
জাতি জনজাতিক জীয়াই থকাৰ প্ৰাণ দিলা ।
তুমিয়েই অসমীয়া জাতিৰ আয়ুস ৰেখা,
ওপজাদিনত তোমালৈ শত সহস্ৰ বাৰ প্ৰণাম।
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ