ভোকে দহিছে শৰীৰ,
সন্তাপত গেলিছে স্বভাৱ
দেইপুৰি শেষ হ'ল ৰূপ ।
অম্লপিত্তই ঘোটালিছে পেট
ভীষণ দুৰ্বল
ভিক্ষাৰ জোলোঙা লৈ
আহিছোঁ ওলায় ।
ভ্ৰু কোঁচাই চাইছোঁ তোমাক
কিবা খাবলৈ দিবানে মোক ?
থৰক-বৰক খোজ
কষ্ট মোৰ উশাহ লোৱাত ,
কোন তুমি ?
দুখনি কোমল হাতেৰে
যাঁচি দিছা টকা কেইটামান !
হাত পাতি লৈছোঁ
নিঃস্বাৰ্থ ভাৱৰ এই উপহাৰ ,
ইতস্ততঃ কৰি থাকোতে
দোধোৰ-মোধোৰ মন
ভাগ্যক দোষাৰোপ কৰি
সৌভাগ্যক আদৰিলোঁ মই ।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ