আছে জানো••শিল্পী দাস

Unknown
1
আজি সত্যতা বুলি কিনো আছে ? 
আছে জানো কাৰোবাৰ পবিত্ৰ হৃদয় ? 
আছে জানো ধৈৰ্যশীল ব্যক্তি এতিয়াও জীয়াই ?
আছে জানো গুণেৰে বিবেচনা কৰা মানুহ ? 
আছে জানো কাৰোবাৰ কোমল প্ৰাণ ? 
আছে জানো উচিত ভুল বিবেচনা কৰাৰ শক্তি ? 
আছে জানো নিষ্ঠুৰ হৃদয় চূৰ্ণ কৰি সৃষ্টি কৰাৰ দৃঢ় আবেগ ?
আছে জানো ন্যায়ক আপোন কৰা ব্যক্তি ?
 আছে জানো নিস্বাৰ্থ দেহৰে গঢ়া হৃদয় ?
 আছে জানো নিঃস্বাৰ্থভাৱে ভালপোৱা কোনো প্ৰেমিক-প্ৰেমিকা?
 আছে জানো হৃদয়ৰ দুখবোৰ বুজি পোৱা কোনোবা?
নাই! আজি নাই কেনেকুৱা কোনোবা।
আজি আছে মাথোঁ...
লোভ ৰোগত আক্ৰান্ত মানৱজাতিৰ দেহা । 
আছে মাথোঁ আনক লৈ সমালোচনা কৰি ভালপোৱা 
প্ৰতিজন ব্যক্তিৰ হৃদয় গঢ়া।
আছে জানো তেনেকুৱা আজিও জীয়াই ?
যাৰ সান্নিধ্যৰে মোৰ এই জীৱন
আজিও বহু অপেক্ষাৰে থাকে আগ্ৰহী হৈ।
আছে জানো ?
আছে জানো?

        ✍️শিল্পী দাস
   ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment