আউলী বাউলি কেশ মেলি ৷
ৰ'দালিতে নাচে তাই,
কেতিয়াবা উচুপনি ,আকৌ মিচিকিয়াই,
নিষ্পাপ মনৰ আবেগ অনুভূতি ৷
সকলো পথেই চিনাকি তাইৰ ,
সকলো পথিকেই আপোন ,
অবুজ মনৰ , অবুজ ভাষাৰে
কব খোজে তাই হৃদয়ৰ বহু বেজাৰৰ কথা ৷
সঙ্গী বিহীন আলাপক ৰঙীন কৰিবলৈ আহৰি দিব কোন ?
তাহানিতে উৰি গুচি গল দূৰ আৰু বহুদূৰ মৰমৰ মাত এশাৰী ৷
মমতাৰ দুহাতে এন্ধাৰলৈ ঠেলিলে
নিয়তিৰ যন্ত্ৰণাৰ সতে খেলিছে
তাই ,এতিয়া মাথোঁ মৃত্যুলৈ অপেক্ষা কৰিছে ,পদূলি পদূলি ফুৰিছে
এটুপি তৃষ্ণা বিচাৰি ৷
📌ৰজনী কুমাৰ ডেকা
ৰঙিয়া ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ