বাসনাৰ জুই জ্বলিছে অৰ্পনাৰ কলিজাত। তাই আজি উপলব্ধি কৰিব পৰা নাই।জীৱন মানেই কি?যৌৱনৰ প্ৰথম বসন্তৰ বতাহ-বৰষুণত তিতি ভাগৰুৱা হৈ পৰিছে। পিতৃ-মাতৃৰ বাধ্য হৈও আজি অবাধ্য তাই জীৱন বাটত। সকলো বুজিও তাই একো নুবুজাঁৰ ভাঁও ধৰি ফুৰিছে। তাইৰ জীৱন চোতালত কেতিয়া ফাগুনৰ জোনাক কেনেকৈ হেৰাল!তাই ধৰিবকে নোৱাৰিলেই। এতিয়া তাইৰ জোনাক বিহীন জীৱন। উভতিবলৈ বিচাৰিও তাই আৰু উভতিবলৈ পৰা নাই। অতীতৰ সামান্য ভুলৰ বাবে যেন আজি গোটেই জীৱন অনুতপ্ত।অনুতাপে দহিছে মন গহন।ফাগুনৰ বাউলী চিলা হৈ উৰিছে তাই।পিতৃ-মাতৃৰ অবাধ্য হৈ ঘূৰি ফুৰি যেন,প্ৰণয়ৰ আল্পনা আঁকি আঁকি হেৰাই গ'ল তাইৰ জীৱনৰ ৰঙবোৰ। আৰু ৰূপ যৌৱনেই এদিন তাইৰ জীৱনৰ মহাকাল হ'ল ।
***
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ