চিন্তন হৈছে এক প্ৰকাৰৰ খেল বিৰোধী পক্ষ নোহোৱাকৈ ইয়াৰ আৰম্ভণি নহয়••সংযুক্তা দত্ত

Rinku Rajowar
0
চিন্তন হৈছে এক প্ৰকাৰৰ খেল ।যেনেকৈ খেল এখনত বিৰোধী  পক্ষ নোহোৱালৈকে খেলৰ আৰম্ভণি নহয়।  ঠিক তেনেদৰে সমস্যা নথকাকৈ চিন্তাৰ  আৰম্ভণি নহয়। চিন্তা কেতিয়াও শেষ নহয় য'ত চিন্তা শেষ হয় তাৰ পৰা আকৌ নতুন চিন্তাৰ আৰম্ভণি হয়।  চিন্তা আমি কেতিয়া কৰোঁ? চিন্তা আমি তেতিয়াই কৰোঁ যেতিয়া আমাৰ সন্মুখত আমাতকৈও শক্তিশালী কোনোবা থাকে। আমাৰ যদি সমস্যা নাথাকে বা আমাৰ বিপক্ষে কোনো নাথাকে তেনেহ'লে চিন্তা কেনেকৈ আহিব। খেল এখন হ'ব কাৰণে খেল খনত দুটা পক্ষ থাকিব লাগিব। আৰু খেল খন শেষ হ'বলৈ হ'লে দুয়ো পক্ষৰ মাজত কোনোবা এটা পক্ষ পৰাজয় হ'ব লাগিব। তেতিয়াহে আমি জানিব পাৰিম যে খেল খন শেষ হ'ল। কিন্তু কেতিয়াবা দুয়ো পক্ষই খেলত জয়ী হোৱা দেখা যায়। ঠিক তেনেদৰে চিন্তা আছে কাৰণে হে কিছুমান কামৰ সামাধান  আমি ভালদৰে কৰিব পাৰোঁ। চিন্তাৰ বিপৰীতে সমস্যা থাকে আৰু সমস্যাৰ বিপৰীতে সামাধান থাকে।  কিন্তু আমি সামাধানত গুৰুত্ব নিদি বেছি ভাগ সময় সমস্যাতে লাগি থাকো। যাৰ বাবে আমি আকৌ ঘূৰি আহি চিন্তাৰ পাকচক্ৰত সোমাই পৰোঁ। সেইকাৰণেই কোৱা  হয় চিন্তন হৈছে এক প্ৰকাৰৰ খেল য'ত বিৰোধী পক্ষ থাকিলেহে ইয়াৰ আৰম্ভণি হ'ব 
         
           ✍️সংযুক্তা দত্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)