শৰতৰ বতৰ••পিংকী বৰা

Unknown
0
মৃদু এছাটি বতাহ
বাহিৰলৈ গ’লেই অনুভৱ হয় চেঁচা চেঁচা ,  
ফুলিছে এপাহি দুপাহি কৈ ফুল শেৱালী, 
নৈৰ পাৰৰ কঁহুৱাই নাচিছে হালি জালি 
এয়াই চাগে শৰতৰ আগমনি  ।
নৈ কানৰ বতাহ জাকেও কৈ যায় কাণে কাণে 
অশান্ত মনৰ কথা ,
এনে লাগে যেন এই সময় খিনিত তুমি আহি কাষতে ৰ’বা ! 
তোমাৰে মোৰে মিলনৰ এয়াই শৰতৰ মধুৰ বেলা । 
 শৰতৰ আকাশত ফৰিং ফুটা জোনাক , 
চৌপাশে বিয়পিছে শেৱালীৰ সুবাস , 
তল ভৰি সৰি থাকে গৃহস্থৰ চোতাল , 
নিয়ৰ সিক্ত দুবৰি গচকিবলৈ বৰ হেঁপাহ ! 
এয়া যে  শৰতৰ বতৰ 
শেৱালী ফুলাৰ বতৰ ।।
  
     ✍️পিংকী বৰা
         মাজুলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)