মৰমলগা কমলাজনী,কিমান দিননো হৈছিল বেলিটো কপালত আঁকি লোৱা, বেলি বিহীন কপালখন লৈ জীৱনৰ দীঘলীয়া পৰিক্ৰমাটো তাই বাৰু কি দৰে সহ্য কৰিব পাৰিব। ঈশ্বৰে তাইক সাহস দিয়ক, স্বামী বিহীন তাই আৰু তাইৰ ল’ৰা-ছোৱালী দুটি পোহপাল দিব নোৱাৰা হৈছে। আজি দিনটো কাম নোহোৱাত তাইৰ ল'ৰা - ছোৱালী দুটি ভোকত ! ক’ৰ পৰা আনিব কেনেকৈ আনিব ভাবি তাই পাগলৰ দৰে হৈ পৰিছে ।এনেতে বাগানৰ পৰা বৰবাবুৰ কাম কৰা মানুহ এজন আহি তাইক মাতি পঠালে, তাই খাদ্যৰ সন্ধানত ও কামৰ আশাত ততা-তয়াকৈ গাতে চাদৰখন মেৰিয়াই লৈ লৰ মাৰিলে। কাৰণ আজি তাইৰ ল’ৰা-ছোৱালী দুটি খাৱলৈ পাব, টেবুলত থকা খোৱা বস্তুখিনিৰ লগতে কেইটামান কল -আপেল তাইক বৰবাবুয়ে দিলে, তাই পৰম সন্তুষ্টি লাভ কৰিলে, কাৰণ তাইৰ ল'ৰা - ছোৱালীকেইটা ভোকত নাথাকে। যাবলৈ লওঁতে বাহিৰৰ পৰা কোনোবাই দুৱাৰখন জপাই দিলে, সেন্দুৰীয়া ৰঙৰ বেলিৰ পোহৰ পুৱা তাইৰ চকুত পৰাত , তাই চাদৰখন মেৰিয়াই বৰ বাবুক ক’লে, " যদি আপোনাৰ কাম শেষ হ'ল মই মোৰ ল'ৰা ছোৱালী দুটিলৈ খোৱা বস্তু খিনি লৈ যাব পাৰো নেকি ? "
✍️জেনিফা হাজৰিকা
ডিব্ৰুগড়, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ