বৰ্তমান সমাজত নাৰীৰ প্ৰাধান্যতা মন কৰিবলগীয়া। বৰ্তমান সমাজত নাৰীয়ে নিজকে সৰ্বাঙ্গীন বিকাশত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়। বৰ্তমান সমাজ ব্যৱস্থাত পুৰুষতকৈ নাৰী কোনো গুণে কম হোৱা দেখা নাযায়। আমাৰ পৃথিৱীৰ চাৰিওফালে চকু ফুৰালে দেখা পাওঁ যে বৰ্তমান পুৰুষতকৈ মহিলাইহে বহু ক্ষেত্ৰত আগবাঢ়ি যাব ধৰিছে। শিক্ষা -দীক্ষা, অভিনয়, কলা-সংস্কৃতি, বিজ্ঞান -প্রযুক্তি, অৰ্থনীতি, ব্যৱসায়, বাণিজ্য তথা উদ্যোগিক আদি সকলো দিশত নাৰীয়ে যথেষ্ট আগবাঢ়ি যাব ধৰিছে, নাৰীক কেতিয়াও দুৰ্বল মনৰ বুলি ধাৰণা লোৱা উচিত নহয়। বৰ্তমান নাৰী সমাজে নিজকে জাতীয়, ৰাষ্ট্ৰীয় আনকি আন্তঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰাধান্যতা লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰাচীন কালত তথা তাহানি যুগত এগৰাকী মহিলা কেৱল নিজৰ ঘৰখনৰ কাম-বন কৰাতেই সীমাবদ্ধ আছিল, সন্তান জন্ম দি লালন -পালন কৰাটোৱেই বহুত ডাঙৰ কাম বুলি ভাবিছিল। ঘৰৰ ভিতৰত আৱদ্ধ কৰি থোৱাত নাৰীয়ে বাহিৰৰ সমাজখনৰ কথা একোৱে জানিব পৰা নাছিল। কিন্তু সময় সলনি হ'ল , সময়ৰ লগে লগে মানুহৰ ধ্যান-ধাৰণা ,মানসিক চিন্তা - জ্ঞানৰো বিকাশ হ'বলৈ ধৰিলে আৰু আজি এগৰাকী নাৰীয়ে বিশ্বদৰবাৰত নিজকে চিনাকি দিবলৈ সক্ষম হৈছে।
আমাৰ ভাৰতবৰ্ষ এখন পুৰুষতান্ত্রিক দেশ। এগৰাকী নাৰীয়ে বিশ্বদৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলেও ,বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গ'লেও আমাৰ সমাজখন কিন্তু বৰ্তমানেও বহু নাৰী এতিয়াও পিছপৰি আছে। বৰ্তমান বিজ্ঞানৰ যুগটো ডাইনী কাণ্ডৰ দৰে নিশংস ঘটনা শুনিবলৈ পোৱা যায়। বৰ্তমানেও এনে কিছুমান পিছপৰা গাঁও আছে যিবোৰত নাৰীক যথেষ্ট নির্যাতন চলোৱা হয়। শাৰীৰিক আৰু মানসিক সকলো ফালৰ পৰাই দুৰ্বল কৰি তোলা দেখিবলৈ পোৱা যায়। সমাজত নাৰীক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিব বিচাৰে। জীৱনৰ প্ৰতিটো খোজতে এগৰাকী নাৰীয়ে যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হয়। কোনো ক্ষেত্ৰত নাৰীক বেছি অগ্ৰাধিকাৰ দিয়া নহয় ,বিয়াৰ পিছত বহু পুৰুষে নাৰী গৰাকীক নিজৰ অধীনত ৰাখি নিজৰ মতে সকলো কৰাব বিচাৰে। আমাৰ সমাজত বৰ্তমানেও প্রত্যক্ষ কৰো যে ল'ৰা-ছোৱালীৰ মাজত ভেদ-ভাৱ স্পষ্ট ৰূপত প্ৰতিফলিত হয়। সমাজৰ সাধাৰণ শ্ৰেণীৰ লোকৰ ঘৰত পুত্র সন্তানে যিমানখিনি সা-সুবিধা পায়, সিমানখিনি সা-সুবিধা এগৰাকী কন্যাৰ ক্ষেত্রত দিয়া দেখা নাযায়। পুত্রৰ স্বাৰ্থৰ বাবে মাক-দেউতাকে সকলো ত্যাগ কৰিবলৈ সাজু থাকে, পুত্রৰ সকলো মনোবাঞ্ছা পূৰ কৰে, নাখাই হ'লেও পুত্ৰক দিব বিচাৰে, পঢ়াই - শুনাই ডাঙৰ মানুহ কৰিব বিচাৰে। কিন্তু ছোৱালীৰ ক্ষেত্ৰত তাৰ সম্পূৰ্ণ বিপৰীত হোৱা দেখা যায়। কিয় ছোৱালীৰ ক্ষেত্ৰত এনে হয়? ছোৱালীবিলাক ইমানেই দুর্বল নেকি? সমাজৰ ছোৱালীক কিয় ইমান নিচ চকুৰে চোৱা হয়? বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ নিজৰ মাক- দেউতাকে ছোৱালী সন্তানক কয় পঢ়ি- শুনি কি কৰিবি,যিমান পঢ়িলেও দুদিনমান পাছত এখন ঘৰলৈ বিয়া হৈ ওলাই যাবি ইত্যাদি। কিন্তু ল'ৰাৰ ক্ষেত্ৰত সেই ধাৰণা বেলেগ হোৱা দেখা যায়। সমাজত আমি দেখিবলৈ পাওঁ বহু পুত্ৰই পঢ়ি- শুনি যেতিয়া ডাঙৰ মানুহ হৈ ঘৰৰ পৰা বহু দূৰলৈ গুচি যায়, সেই পুত্ৰই এদিন নিজৰ পিতৃ- মাতৃয়ে তেওঁৰ বাবে কৰা স্বার্থৰ কথা, পাহৰি যায় মাক -দেউতাকক নিজৰ ভাল -বেয়াৰ খবৰ ল'বলৈ, বহু ল'ৰাই মাক- দেউতাকক নিজৰ লগত ৰাখিবলৈ মন নকৰে,ফলত বৃদ্ধাশ্ৰমত যোৱাৰ কথা চিন্তা কৰে আৰু এদিন সেই পিতৃ- মাতৃয়ে চকুপানী টুকিবলগীয়া হয়। শেষত বিয়া হৈ ওলাই যোৱা কন্যা সন্তানে আহি নিজৰ বৃদ্ধ পিতৃ - মাতৃক চাবলগীয়া হয়।
আমাৰ সমাজত এনেকুৱা জ্বলন্ত উদাহৰণ অনেক আছে। চকুৰ পচাৰতে যিমানেই এনেকুৱা হ'লেও, আমাৰ মানুহৰ মনবোৰ উন্নত কৰিবলৈ শিকা নাই। এইটোৱেই আমাৰ বাবে অতিকৈ দুখৰ বিষয়। সমাজৰ শিক্ষিত মানুহৰ ঘৰতে কেতিয়াবা এনে কিছুমান কথা শুনিবলৈ পাঁও।
ভাৰতবর্ষৰ নাৰী সমাজ শিক্ষা- দীক্ষাত যথেষ্ট পিছপৰি ৰ'ল। ভাৰতীয় নাৰীৰ প্ৰকৃত সত্ত্বাৰ মুক্ত পথত অজিত বাট বুলিব পৰা নাই। পুৰুষ প্ৰধান সমাজৰ অন্ধবিশ্বাসৰ ধ্যান - ধাৰণাই নাৰীৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰি ৰাখিছে। ভাৰতীয় মহাব্যাধি যৌতুক প্ৰথাৰ কৱলত এতিয়াও বহুতো নৱ - প্রজন্মৰ যুৱতীৰ জীৱন ধ্বংস হৈ পৰিছে। দুখৰ বিষয় এই যে সকলোবোৰ অন্যায় - অত্যাচাৰ আদিত বহু ক্ষেত্ৰত কোনোবা নাৰীয়েই গুৰি ধৰি পুৰুষক সহায় কৰি নাৰীক ধ্বংস কৰি যাব ধৰিছে। এগৰাকী নাৰী ঘৰৰ পৰা অকলে ওলাই যাব নোৱাৰে, ৰাতিলৈকে বা বেছি সময় ধৰি বাহিৰত থকা দেখিলে মানুহৰ মুখত অনেক কথা শুনিবলৈ পোৱা যায়। তদুপৰি নাৰী এগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পাছত সুৰক্ষিত হৈ নাথাকে। নাৰী গৰাকীয়ে যদি নিজক বচাই ৰাখিব নোৱাৰে তেন্তে নিৰ্যাতনৰ দৰে জঘন্য কাণ্ডৰ বলি হ'বলগীয়া হয়, ৰাজপথত মুক্ত মনেৰে খোজ কাঢ়িব নোৱাৰি কিছুমান নৰপিশাচ দানৱে অশ্লীল ব্যৱহাৰ কৰা ইত্যাদি ধৰণৰ ঘটনা আমি নিজ চকুৰে প্ৰত্যক্ষ কৰোঁ। ইমান নিষ্ঠুৰ এই সমাজ, সমাজত নাৰী কেতিয়া সুৰক্ষিত হ'ব?
মহাভাৰতৰ ঘটনাক্রম অনুসৰি দ্ৰৌপদীৰ জীৱন যাতনাত যি অত্যাচাৰ কৰা হৈছিল। এই সমগ্ৰ ঘটনাৰ দৰ্শক হৈ থাকিল আত্মীয় -স্বজন, ৰাজ পাৰিষদ আৰু শয্যা সংগী পাঁচজনকৈ পতি-পৰমেশ্বৰ।
নীতি -নৈতিকতাৰ দোহাই দি এগৰাকী নাৰীৰ ওপৰত অত্যাচাৰ চলাবলৈ অনুমতি প্ৰদান কৰি মহাভাৰতত পুৰুষতন্ত্রৰ অধিকাৰ সাব্যস্ত কৰা এই কাহিনী কেৱল পুৰাকথাৰ চমৎকাৰ নহয়,অতিক্ৰান্ত সময় - সভ্যতাৰো এটুকুৰা ঘা হৈ ৰ'ল। কিয়নো পৰিৱেশ- পৰিস্থিতিৰ পৰিপ্রেক্ষাৰ সলনি হ'লেও নাৰীত্বৰ অৱমাননা চলিয়েই থাকিল যুগৰপৰা যুগলৈ। অতীজৰপৰা সাম্প্ৰতিকলৈ। এই বোধ - চিন্তাই যুগ যুগ ধৰি সমাজত চলি আহিছে।
গতিকে বৰ্তমান সমাজত নাৰীয়ে উচ্চ স্থান পাবলৈ, বিভিন্ন দিশত আগুৱাই যাবলৈ হ'লে প্রথমে আমি আমাৰ মনৰ ধাৰণা সলনি কৰিব লাগিব। আমাৰ মনত সোমাই থকা অন্ধবিশ্বাস, কু-সংস্কাৰ, হিংসা, নাৰীৰ প্ৰতি থকা ধ্যান-ধাৰণা সলনি কৰিব লাগিব।সকলোৱে একত্ৰিত হৈ নাৰী শক্তিক জাগ্ৰত কৰা উচিত। সমাজত নাৰীক শিক্ষা - দীক্ষা, কলা -সংস্কৃতি সকলো দিশত আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিব লাগিব। বহু ক্ষেত্ৰত নাৰী সমাজ আগবাঢ়ি গৈছে আৰু বহু দিশত বহু নাৰী এতিয়াও পিছপৰি, অনগ্ৰসৰ হৈয়ে আছে। গতিকে নাৰীৰ প্ৰতি থকা নিম্নমানৰ ধ্যান - ধাৰণাবোৰ সলনি কৰি নাৰী সমাজ ব্যৱস্থাক উন্নত দিশত আগবঢ়াই নিবলৈ সমাজৰ প্ৰতিজন ব্যক্তিয়ে একতাৰে আগবাঢ়ি অহা উচিত।
✍️শ্রীদানিয়েল ওৰাং
দুলীয়াজান মহাবিদ্যালয় ( দুলীয়াজান)
ঠিকনা - নতুন ডিৰিয়াল চাহ বাগিচা, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ