মোহনে মোনাটো বিচাৰি চলাথ কৰিলে কিন্তু বিচাৰি নাপালে । ঘৰৰ পৰা অলপ দূৰৈত থকা জাবৰৰ দমটোতহে বিচাৰিবলৈ বাকী থাকিল । সি তালৈ যাবলৈয়ো কুণ্ঠাবোধ নকৰিলে । এক বিকৃত গোন্ধই যেন তাৰ কলিজালৈকে কোঁচ খুৱাই আনিছিল তথাপিও সি হাৰ নামানিলে । অৱশেষত, সি তাৰ নাকটো টানকৈ হেঁচা মাৰি ধৰিবলৈ বাধ্য হ'ল । তথাপিতো বিকৃত গোন্ধ তাৰ নাকত লাগিয়েই থাকিল । অপাৰগ হৈ সি তাৰ পৰিত্যক্ত কামিজটো খুলি লৈ নাকটো জোৰকৈ হেঁচা এটা মাৰি ধৰিলে আৰু চিৰ-পৰিচিত বিভিন্ন গোন্ধ মিহলি হৈ থকা জাবৰৰ দমটোৰ পৰা তাৰ মোনাটো কাষলৈ চপাই আনি নিজৰ প্ৰয়োজনীয় বুলি ভবা বস্তু কেইপদ মোনাটোৰ পৰা উলিয়াই জাবৰৰ দমটোৰ পৰা নামি আহিল । পুনৰবাৰ যেন মোহনৰ মুখমণ্ডলত হাঁহিৰ বীজ অংকুৰিত হৈ পৰিল ।
✍️ৰঞ্জু গায়ন (বৰুৱা)
নামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ