শেৱালী••যদুমণি গগৈ

Unknown
0
আলসুৱা আহিনত
 কিয় ফুলিছ নিয়ঁৰত তিতি,
 শুভ্ৰ শেৱালি পাহি
তোৰ কুহুমবুলীয়া ঠাৰি ! 

তই ধুনীয়া , 
নামটোও ধুনীয়া, 
ৰাতি ফুলি সুগন্ধি বিলাৱ ।

তোৰ সুবাসত  মতলীয়া
শৰতৰ প্ৰতি সন্ধিয়া, 
শেষ ৰাতি সৰিপৰা নিয়ৰে দিয়ে
চেঁচা চেঁচা এটি অনুভৱ ! 

দুবৰিত প্ৰতি পুৱাই 
নিয়ৰসিক্ত শুভ্ৰ দলিচা , 
ৰহন চৰে অপৰূপা ! 

কোন নো উন্মুক্ত ঋষিৰ শাপত
তই বঞ্চিত মধুৰ আলিঙ্গনৰ  , 
পখিলা, মৌ-মাখি, ভোমোৰাৰ ! 

ফুলশয্যা ৰাতি
দুবৰি কোঁৱৰ নিয়ৰে
 হেঁপাহ পলুৱাই চায় ! 
কুহুমবুলীয়া ঠাৰি বুকুত সাৱটি---  ।।

     
               📌যদুমণি গগৈ
                গেলেকী (শিৱসাগৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)