বীৰেন্দ্ৰকুমাৰ ভট্ৰাচাৰ্যৰ উপন্যাসত আন্দোলন কেন্দ্ৰিক পটভূমি••মমী দত্ত

Rinku Rajowar
0
ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত আমাৰ ভাষাত কেইবাখনো দীঘাৰ্ৱয়বী অনবদ্য উপন্যাস ৰচিত হৈছে যদিও আন্দোলনকহে কেৱল বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা উপন্যাস আমাৰ সাহিত্যত তেনেই সীমিত ৷ তাৰে ভিতৰত বীৰেন্দ্ৰকুমাৰ ভট্ৰাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ অন্যতম ৷ স্বাধীনতা আন্দোলনে অসমৰ পৰ্বত ভৈয়ামত আলোড়ণৰ সৃষ্টি কৰিছিল ৷ গাঁও-ভূই তোলপাৰ লাগিছিল ৷ তেনে এক পৰিপ্ৰেক্ষিততেই বিয়াল্লিছৰ আন্দোলনৰ পটভূমিত পানীখাইতিৰ মোকৰ্দমা নামে জনাজাত কূটাঘাটমূলক ৰেল বগৰোৱা কাহিনীক মূল উপজীব্য হিচাপে লৈ উপন্যাসখনৰ কাহিনীভাগ নিমাৰ্ণ কৰা হৈছে৷ এই ৰেল বগৰোৱা ঘটনাই তেতিয়া ব্ৰিটিছ সকলকো কঁপাই তুলিছিল ৷ উপন্যাসখনিত নগাঁও জিলাৰ পশ্চিম অঞ্চলত ৰাইজে স্বাধীনতা আন্দোলনত কেনে সাহসিকতাপূৰ্ণ ভূমিকা লৈছিল তাৰ মনোগ্ৰাসী বৰ্ণনা পোৱা যায়৷ ধনপুৰহঁতৰ বিপদসঙ্কুল মৃত্যুমুখী অভিযান , উপন্যাসৰ নায়ক মহদা গোঁসাই ,ৰূপনাৰায়ণ, ভিভিৰাম , দধিমাষ্টৰ,আহিনা কোঁৱৰ , মানিক বৰা , মধু কেওঁত আদিৰ সক্ৰিয় ভূমিকা , ৰেল বাগৰোৱাক কেন্দ্ৰ কৰি তেওঁলোকৰ মনত উদ্ভৱ হোৱা হিংসা অহিংসাৰ প্ৰশ্নইয়ো উপন্যাসৰ কাহিনীক গতিশীল কৰি তুলিছে৷ কিন্তু ঔপন্যাসিকে প্ৰাধান্য দিছে অহিংস নীতিকহে ৷ ইয়াৰ লগে-লগে মানৱপ্ৰেম , অস্পৃশ্যতা দূৰীকৰণ , স্বাধীনতা আন্দোলনত নেতাজীৰ ভূমিকা , ধৰ্ম সম্পৰ্কে তেওঁৰ ধ্যান-ধাৰণা , নাৰী জীৱনৰ বিভিন্ন সমস্যা আৰু গাঁৱৰ সমাজখনৰ বিভিন্ন দিশ সহানুভূতিৰে উপন্যাসখনত বিশ্লেষণ কৰিছে৷ চৰিত্ৰ সমূহকো বিশেষ মযাৰ্দা দিছে ৷ ৰূপনাৰায়ণৰ মুখৰ এটি সংলাপ এই প্ৰসংগত প্ৰনিধানযোগ্য- “ দেশৰ স্বাধীনতা নহ’লে চাকৰি আৰু বিয়াৰ কোনো প্ৰয়োজন নাই ৷” উপন্যাসখনত শেষত আকৌ কৈছে - “ স্বাধীনতা পালে মানুহ আগতকৈ ভাল হ’ব নে বেয়া হ’ব ? এই কথাই যেন মানুহৰ মনত উৎকণ্ঠাহে বঢ়াইছে ৷ 

 স্বাধীনতাৰ স্বপ্নই বহুধাবিভক্ত অসমীয়া সমাজৰ বিভিন্ন মানুহক উদ্বুদ্ধ কৰি ব্ৰিটিছৰ বিৰুদ্ধে একগোট হ’বলৈ সাহস যোগোৱাৰ বিশদ আৰু বিশ্বাসযোগ্য বিৱৰণ মৃত্যুঞ্জয় ৷ উপন্যাসখনৰ চৰিত্ৰসমূহ সত্ৰৰ ছত্ৰচায়াত বৈষ্ণৱ পৰম্পৰাৰে পালিত হৈয়ো ৰেল বগৰোৱাৰ দৰে ধ্বংসাত্মক কাৰ্যত লিপ্ত হ’ব লগা হৈছিল ৷ বৈষ্ণৱ পৰম্পৰাৰ এনে পটভূমিত হিংসা অহিংসাৰ দ্বন্দ্ব মৃত্যুঞ্জয়ত প্ৰথমৰ পৰা শেষলৈকে প্ৰচ্চন্ন ৷ মিলিটেৰীবোৰক নিজহাতে গুলিয়াই মাৰি , চকুৰ আগতে দুৰ্ঘটনাত পতিত ৰেলগাড়ীৰ শ শ মিলিটেৰীৰ মৃত্যুৰ বিভৎস্য দৃশ্য দেখি বিবেক দংশনত গোঁসাইৰ মন মগজু অস্থিৰ হৈ পৰিছে ৷ নিজ আঁচনিত সফল হৈ নৰহত্যাৰ তেজেৰে যেন গোঁসাইৰ হাত ৰঙা হৈ পৰিছে৷ এই হত্যাকাণ্ডই গোঁসাইৰ নীতিবোধতো দাৰুণ আঘাত সানিছে ৷ সেয়ে গোঁসাইয়ে কৈছে - “ মোৰ প্ৰাণ মৰি আহিছে ৷ এই হাতখনত মানুহৰ তেজ লাগি আছে৷ এইটো মোৰ সহ্য হোৱা নাই ৷ মোৰ বিবেক বিকল হৈ গৈছে ৷ আচলতে মোৰ নৈতিক দ্বন্দ্ব ঘটিছে ৷ মিছা কথা কৈ লাভ নাই ৷ মই অহিংস যুঁজহে ভাল পাঁও ৷”
 বৈষ্ণৱ সত্ৰাধিকাৰ এজনে হাতত অস্ত্ৰ লৈ অহিংস পথ লোৱাতো বৈষ্ণৱ পৰম্পৰাতে বিৰল ৷ ই ঐতিহাসিক দিশৰ পৰাও তাৎপৰ্যপূৰ্ণ ৷ এই সমূহত অতিস্থ হৈ ৰূপনাৰায়নেও ভাবিছিল যে হত্যা আৰু হিংসাই মানুহক কেতিয়াও আনন্দ দিব নোৱাৰে ৷ হিংসা-অহিংসাৰ সৰ্বগ্ৰাসী আৰু ক্ষয়ঙ্কৰ দ্বন্দ্বৰ পৰা জীৱনৰ অন্তিম সময়লৈকে কেৱল বাচি গৈছিল ধনপুৰ চৰিত্ৰটি৷ ধনপুৰে হিংসাৰ আশ্ৰয় লৈছিল কেৱল সমাজত ন্যায় আৰু সমতা স্থাপনৰ বাবেহে৷ ‘কৰিম বা মৰিম’ পণ লৈও কিন্তু তেওঁ নৰহত্যা কোনো দিনেই কৰা নাছিল ৷ স্বাধীনতা আন্দোলনৰ উপলব্ধি মৃত্যুঞ্জয়ত পোনপটীয়া নহয় ৷ ইয়াৰ মহত্বই মানুহৰ দেহ মনক ক্ষত বিক্ষত কৰিছে ৷ জীৱনৰ চৰম আত্মবলিদানৰ কাহিনীও ইয়াত বৰ্ণিত হৈছে ৷ ইয়াৰ কাহিনীৰ লগত অংগাঙ্গীভাৱে জড়িত হৈ আছে মানৱমুক্তিৰ লগতে হত্যা , পীড়ন , লাঞ্ছনা আৰু ধৰ্ষণৰ দৰে ভয়াবহ কাহিনী ৷ ইয়াৰ মাজতেই ফুটি উটিছে আন্দোলনৰ ধ্বংসমুখী কৰুণ কাহিনী আৰু মানৱ মুক্তিৰ চিৰন্তন আকুলতা ৷ নৱ প্ৰচাৰিত সাম্য , মৈত্ৰী আৰু জাতীয়তাবাদী চেতনাহে মৃত্যুঞ্জয়ত বৰ্ণিত বিয়াল্লিছৰ জণজাগৰণৰ ভিত্তি আছিল৷ ইয়াৰ আদৰ্শৰ লক্ষ্য আছিল ৰাজতন্ত্ৰ ৷ গোঁসাইহঁতে ৰাজনৈতিক চেতনাৰে উদ্বুদ্ধ হৈ স্বাধীনতা আন্দোলনত লাগিছিল যদিও তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে এটা সুনিদিষ্ট ধাৰণা নাছিল ৷ সেয়ে হয়তো মহদা গোঁসাইৰ বিধৱা পত্নী গোসাঁনীয়ে ভাবিছে- ‘স্বাধীনতা পালে মানুহবোৰ আগতকৈ ভাল হ’বনে? মৰামৰি কটাকটি কৰিবলৈ এৰিবনে? ’ ৷ গতিকে আন্দোলনে জোকাৰি পেলোৱা সহজ-সৰল জাতি এটাৰ মাজত শান্তিৰ প্ৰতি থকা হাবিয়াস আৰু মুক্তি চেতনাৰো প্ৰকাশ উপন্যাসখনিত দেখা যায়৷ 
 বিয়াল্লিছৰ গণবিপ্লৱৰ ৰূপ মুখ্যতঃ অহিংস আছিল যদিও বৃটিছৰ দমন নীতি আৰু উৎপীড়ণৰ আতিশয্যই বহু লোককে হিংসাৰ পথলৈ টানি নিছিল ৷ তদুপৰি মহাত্মাগান্ধীৰ সত্যাগ্ৰহ আৰু অসহযোগ আন্দোলনৰ মন্থৰ গতিয়ে আন্দোলনকাৰীসকলক সন্তুষ্ট কৰিব পৰা নাছিল৷ ১৯২১ চনৰ আন্দোলনৰ বিফলতাৰ পাছৰ পৰাই গান্ধীজীৰ অহিংস নীতিৰ প্ৰতি থকা মানুহৰ অটল বিশ্বাসত লাহে লাহে ঘূণে ধৰিবলৈ লৈছিল ৷ ৰেল বগৰাই অনুতপ্ত মহদা গোঁসাইয়ে সেয়ে গান্ধীক সুৱৰি কৈছে - “ মানুহ নমৰাকৈ যদি যুঁজিব পাৰিলোহেঁতেন তেন্তে কিমান সুন্দৰ হ’লহেতেন ” ৷ ঔপন্যাসিকে বৰ্ণনা দিছে যে - কূটাঘাটমূলক কাম কাজেৰে , যাতায়তৰ সকলো পথ ছিন্ন-বিছিন্ন কৰি , মিলিটেৰীৰ ৰচদ পাতি আৰু সেনা অনা নিয়াত বাধা দি সকলো ফালৰ পৰাই বৃটিছক জুমুৰি দি ধৰিব লাগে ৷ অহিংসাৰে যুঁজি বৃটিছক খেদিব নোৱাৰি সি হিংসাৰে যুঁজি চাইছে [পৃঃ ১০৬ ] ৷ কিন্তু তাৰ পৰিৱৰ্তে ধনপুৰৰ সপোনৰ স্বাধীন ভাৰতত জাত পাত একো নাথাকিব ৷ ধনপুৰৰ এই সমাজবাদৰ ধাৰনা অৱশ্যে বহু ক্ষেত্ৰত অস্পষ্ট আৰু বাস্তৱৰ লগত সঙ্গতি নথকা ৷ এজন মৃত্যুমুখী লোকৰ সপোন , জীৱনৰ অন্তিম ক্ষণত তেওঁৰ প্ৰেয়সীক লৈ কৰা কল্পনাও ধনপুৰ আৰু সুভদ্ৰা চৰিত্ৰৰ মাজেৰে ফুটাই তুলিছে ৷ আন্দোলনে যে মানুহৰ মনৰ পৰা সপোনবোৰো মচি নিয়ে তাৰেই প্ৰমান মৃত্যুঞ্জয়ৰ কাহিনীয়ে কৈ যায় ৷ যি অতি অলীক আৰু হৃদয়বিদাৰক ৷ 
 আনহাতে ঊনবিংশ শতিকাৰ ইউৰোপীয় মানৱতাবাদী উদাৰনৈতিক ভাবধাৰাৰ অনুৰণন মহদা গোসাঁইৰ ব্যক্তিত্বৰ মাজত দেখিবলৈ পোৱা যায় ৷ তেওঁৰ কাম কাজতকৈও ব্যক্তব্যতহে তাৰ প্ৰতিফলন দেখা যায়৷ তেওঁৰ বুদ্ধি মুকলি আৰু নৈতিক চেতনা প্ৰখৰ ৷ জাত-পাতৰ বিচাৰ আৰু যুক্তিহীন নীতি-নিয়মৰ তেওঁ বিৰোধী আছিল ৷ সেয়ে স্বাধীনতাৰ বাবে মৰিবলৈ ওলাইয়ো নিজ পত্নী গোসাঁনীক তেওঁলোকৰ কাৰ্যসূচীৰ বিষয়ে কিবা কোৱাৰ প্ৰয়োজনীয়তা আনুভৱ কৰা নাই ৷ উপন্যাসখনৰ শেষত কিন্তু অহিংসাৰ শ্ৰেষ্ঠতাকহে জীৱনৰ উপলব্ধ সত্য হিচাপে দেখুৱাবলৈ যত্ন কৰিছে ৷ 
 তেখেতৰ আন এখন উপন্যাস হ’ল নগা জীৱনৰ পটভূমিত ৰচিত ‘ ঈয়াৰুইঙ্গম ’ ৷ নগা জনজীৱনৰ পটভূমিত ৰচিত হ’লেও ইয়াতো স্বাধীনতা আন্দোলনৰ কথাই ঠাই পাইছে ৷ স্বাধীনতা আন্দোলনৰ কথা উল্লেখ কৰোতে তেওঁ গান্ধী আৰু সুভাষ চন্দ্ৰ বসুৰ নীতিৰ আলোচনা কৰিছে ৷ সাহিত্য অকাডেমীৰ পুৰষ্কাৰ প্ৰাপ্ত এই গ্ৰন্থত জাপানী আক্ৰমণ , দ্বিতীয় মহাযুদ্ধহ আমাৰ সমাজ জীৱনলৈ কঢ়িয়াই অনা পৰিৱৰ্তন আৰু নগাভূমিৰ একাংশই সুকীয়া ৰাজ্যৰ পোষকতা কৰা কাহিনীৰ বৰ্ণনা আছে৷ উপন্যাসখনৰ অন্যতম এটা চৰিত্ৰ ৰিশ্বাং মহাত্মাৰ অনুগামী ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সম্পূৰ্ণ চিত্ৰ তেখেতৰ সকলো উপন্যাসতে প্ৰকাশ পোৱা নাই যদিও স্বাধীমতা আন্দোলনৰ লগত জড়িত বিশেষ একোটাসময়ৰ চিত্ৰ ‘ঈয়াৰুইঙ্গম ’ উপন্যাসতো প্ৰতিফলিত হৈছে৷

✍️মমী দত্ত
ঢকুৱাখনা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)