তুমি মোৰ হৃদয়ৰ দাপোন••নাছিৰ আহমেদ

Rinku Rajowar
0
হে বন্ধু! সঁচাই যদি তুমি যাবাগৈ,
ইমান মৰম কিয় ঢালি দিলা ?
এতিয়া গভীৰ ৰাতি হ’লেই
হৃদয়ৰ খিৰিকী খুলি দিওঁ ,
জানোচা এজাক বৰষুণে মোক তিঁয়াই দিয়ে
তোমাৰ স্মৃতিৰ সুৱাস মেলি দি ।
আৰু মোৰ মস্তিষ্কৰ স্নায়ুপটত ভাঁহি ভাঁহি যায় , 
তোমাৰ নিজহাতে দীঘে-পথালিকৈ অঁকা 
কমলাৰঙী, সেউজবুলীয়া, ৰঙচুৱা আলোকচিত্ৰ।
তুমিযে মোৰ হৃদয়ৰ দাপোন! 
 তুমিয়েই মোৰ আপোন আপোন!
হে বন্ধু! সঁচাই যদি তুমি যাবাগৈ
ইমান মৰম কিয় ঢালি দিলা ?
মই চাতক পক্ষীৰ দৰে ডেউকা কোবাই কোবাই ,
 ইডালৰ পৰা সিডাললৈ উৰি ফুৰোঁ অনাই - বনাই , 
   " বৃষ্টি দে---------বৃষ্টি দে--------বৃষ্টি দে ----------"    
  যি বাটেৰে তুমি গৈছা , 
আহিবা নেকি আকৌ দুনাই ? 
আৰু তোমাৰ এক বিন্দু প্ৰেম-বৰষুণ দিবা ঢালি ! 
মই  আকৌ বৃন্ত্যচ্যুত হওঁ এজোপা বটবৃক্ষৰ দৰে।
বিচ্ছেদৰ কৰুণ-গাঁথা গাও, তোমাক বিচাৰি সখী!
হে বন্ধু ! সঁচাই যদি তুমি যাবাগৈ
ইমান মৰম কিয় ঢালি দিলা ?
হৃদয়ৰ খিৰিকী খুলি দিওঁ ;
এবাৰ আহা না , আহা না উলটি
মোৰ জীৱন নৈৰ ঘাটে ঘাটে , 
আশাৰ তৰী বাই বাই!
মোৰ বুকুত ঢালি দিয়া  এজাক মেঘালী বৰষুণ ;
মই তোমাৰ মৰমতে পমি যাওঁ,মমৰ দৰে গলি যাওঁ!
তুমি যে মোৰ হৃদয়ৰ দাপোন!
তুমিয়েই মোৰ আপোন আপোন!

✍️নাছিৰ আহমেদ, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)