বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে দুআষাৰ -ডাঃ মুনীন্দ্র মেধি

©Admin
0
প্ৰতি বছৰে দহ অক্টোবৰৰ দিনটোত বিশ্ব  মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰি অহা হৈছে। 
  মানসিক স্বাস্থ্য বা মানসিক ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি আৰু ল'বলগীয়া কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰাটোৱেই এই দিৱস পালনৰ মূল উদেশ্য। লগতে ইয়াৰ সৈতে জড়িত অপযশ-অবজ্ঞা (Stigma and Discrimination) দূৰ কৰাটো এটা লক্ষ্য। 
 মানসিক স্বাস্থ্য মানে কেৱল মানসিক ৰোগৰ অভাৱ নহয়। ধনাত্মক মানসিক স্বাস্থ্যৰ অধিকাৰী ব্যক্তি এজনে উদ্বিগ্নতা বা হতাশাত নুভুগে। তেওঁ মাদক দ্ৰব্যৰ প্ৰতি আসক্ত নহয়। তেওঁ নিজৰ সামৰ্থ অনুযায়ী কামত নিযুক্ত হৈ থাকে। পৰিয়াল আৰু সমাজত তেওঁ সু-সম্পর্ক বজাই ৰাখিব পাৰে।
  অতি পৰিতাপৰ কথা যে  বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰবৰ্ষক বিশ্বৰ আটাইতকৈ হতাশ দেশ বুলি কৈছে। ১৯৯০ পৰা  ২০১৭ চনৰ ভিতৰত ভাৰতৰ কমেও ১৭ শতাংশ লোক যি কোনো মানসিক ৰোগত আক্ৰান্ত হৈছে। যোৱা কেইটা বছৰত ভাৰত তথা সমগ্ৰ বিশ্বতে হতাশা আৰু আত্মহত্যাৰ হাৰ বাঢ়িছে-মহামাৰী ক'ভিডৰ
প্ৰভাৱত। 
  ধনাত্মক মানসিক স্বাস্থ্যৰ বাবে আমি শাৰীৰিক ব্যায়াম, যোগ-ধ্যান, ধনাত্মক চিন্তা আৰু পৰিমিত টোপনিৰ সহায় লোৱা উচিত। 
  এইবাৰ এই দিৱসৰ মূল বিষয় বস্তু হৈছে -"মানসিক স্বাস্থ্য এক বিশ্বজনীন মানৱ অধিকাৰ"।  জাতি, ধৰ্ম, বর্ণ, নিৰ্বিশেষে সকলো বয়সৰ সকলো ৰোগীয়ে সমভাৱে চিকিৎসা পাব লাগিব- শাৰীৰিক ৰোগৰ চিকিৎসা পোৱাৰ দৰে। মানসিক ৰোগী সকলেও পাব লাগিব তেওঁলোকৰ মানৱ অধিকাৰ সমূহ। তেওঁলোকক নিজৰ স্বাস্থ্যৰ বিষয়ে নিজে সিদ্ধান্ত লোৱাৰ অধিকাৰ দিব লাগিব।
  ভাৰতবর্ষত সকলোৰে বাবে মানসিক স্বাস্থ্য এতিয়াও এটা সপোন। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)