সম্পাদকীয়•• চতুৰ্থ বৰ্ষৰ- দশম সংখ্যা

Rinku Rajowar
0
"কপাহ মেঘৰ অহা যোৱা
সেউজী ঘাঁহৰ হিমানী 
সোণালী ৰ'দ , শৰালিৰে জাক
তুমিয়েই আনিলা কিজানি
শেৱালি কোমল হাঁহিটি মাৰি......"
    
     শৰতৰ প্ৰতিটো প্ৰভাতত নিয়ৰসিক্ত দুৱৰিৰ কোলাত তলসৰা শেৱালিয়ে মানুহৰ প্ৰাণত জগাই তোলে আনন্দৰ জোঁৱাৰ।কলুষতাক সমাধিস্থ কৰি নিৰ্মল পৰিৱেশেৰে জিলিকি উঠে ঋতুৰাণী শৰৎ ।শৰতৰ শুভ্ৰ জোনাকৰ পোহৰে নিশাবোৰ কৰি তোলে অতি বিতোপন।শৰতৰ চন্দ্ৰাৱলী ৰাতি স্নিগ্ধ জোনাকৰ সুকোমল পোহৰ ।শৰতৰ প্ৰকৃতিৰ বৰ্ণনা অপৰিসীম।য'ত ডাৱেৰেও খেলা কৰে ,শেৱালিয়েও   দুৱৰিত দলিচা পাৰি দিয়ে কুঁৱলীৰ ফাঁকেৰে বিৰিঙি উঠে সোণোৱালী ৰ'দৰ পোহৰ।
            দুৰ্গৰ্তিনাশিনী দুৰ্গাৰ দ্বাৰা অসুৰবধৰ উৎসৱ ।শৰতৰ আৱাহনী উৎসৱ দুৰ্গাপূজা পালেহি।কেৱল বয়সবোৰ সলনি হৈ গৈ আছে ,কেৱল বোঁৱতী ধাৰাৰ দৰে সময়বোৰ বাগৰি গৈ আছে ।শৈশৱত পাৰ কৰি অহা চিনাকী পৃথিৱীখন এতিয়া আৰু নাই। পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি শৈশৱৰ চিনাকী পৃথিৱীখন যেন কোনোবা আলি-কেঁকুৰিত হেৰাই থাকিল।শৈশৱৰ সেই দুৰ্গা পূজাৰ আগমন বুলি ক'লেই আনন্দত আত্মহাৰা হৈ যোৱা সেই দিনবোৰ লাহে - লাহে অতীত হ'ল।মাথোঁ একেই আছে শৰতক হাতবাউলি মাতি থকা নৈৰ পাৰৰ কহুঁৱাবোৰ ।একেই আছে নিয়ৰসিক্ত দুৱৰিৰ কোলাত দলিচা পাৰি দিয়া শেৱালিবোৰ।দেৱী দুৰ্গা প্ৰাণদায়িনী , শক্তিদায়িনী।তেওঁ হ'ল মহিমাৰে দেৱীস্বৰূপ,মমতাৰে মাতৃস্বৰূপ। দেৱীয়ে শস্য ৰক্ষা কৰি আমাক জীয়াই থকাৰ সম্বল যোগায়। ব্যাধি,ত্ৰাস,সংকট আৰু আসুৰিক শক্তিৰ তেওঁ সংহাৰ কৰে ।মহিষাসুৰৰ  দৰে অপশক্তি নাশকলৈয়ে এই উৎসৱ । এই উৎসৱেই যেন আমাক এখন নতুন সমাজ গঢ়িবলৈ প্ৰেৰণা যোগায়, সাহস দিয়ে । শাৰদী ৰাণীৰ স্নিগ্ধ জোনাকত যুগে - যুগে দশভূজাৰ ৰূপলৈ পৃথিৱীৰ কলুষতাক মষিমূৰ কৰিবলৈ আৱিৰ্ভাৱ হওঁক 'দেৱী দূৰ্গা'ৰ। অসুৰৰূপী দানৱৰ হওঁক বিনাশ । সকলো অপায় -অমংগলৰ পৰা মুক্ত হওঁক। বসুন্ধৰাও শস্যপূৰ্ণা হওঁক। 
        এই আপাহতে আগবঢ়াইছোঁ " অসমীয়া সাহিত্যৰ চানেকিৰ চতুৰ্থ বৰ্ষৰ         
২৮৪ সংখ্যা ।আলোচনীখনৰ উত্তৰণৰ হকে কষ্ট কৰা , উৎসাহ যোগোৱা, কুশল কামনা কৰা প্ৰতিজনলৈ সম্পাদকীয় পৃষ্ঠাৰ পৰা অশেষ কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদিছোঁ।শৰতৰ নিৰ্মল আকাশৰ দৰেই সকলোৰে মনবোৰ নিৰ্মল হৈ উজলি উঠক ।তাৰেই কামনাৰে প্ৰথম অসমীয়া দৈনিক বেৱ আলোচনীৰ ফালৰ পৰা আপোনালোকলৈ দুৰ্গোৎসৱৰ শুভকামনা জনালোঁ।

                       সম্পাদক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)