তুমি দুখ কি নুবুজিলা নয়না••নিপু কুমাৰ দাস

Rinku Rajowar
0
তুমি কথা পালে একোৱেই নালাগে তোমাক 
তুমি অনগল কথাকেই পাতি যোৱা 
এই কথাবোৰৰ মাজতে কথাৰ মহলা মাৰি 
তোমাৰ যেন নালাগে অকণো ভাগৰ

 
কথাৰ মাজত দুওঁঠত লাগি থাকে তোমাৰ 
এটি আলফুলীয়া মিচিকীয়া হাঁহি 
এই মিচিকীয়া হাঁহিটোৱে কথা-বতৰাত 
আকৰ্ষণীয় কেন্দ্ৰ বিন্দু কৰি তোলে যেন তোমাক 

 
সেই বাবে তোমাক প্ৰাণ ভৰি ভাল পাওঁ নয়না
তুমি কথাৰ সিন্ধু মতী কথাই তোমাৰ জীৱন গতি
দুখ কি তুমি নুবুজিলা প্ৰেমৰ সংজ্ঞা বিচাৰি  
দুওঁঠৰ মিচিকীয়া হাঁহিয়ে দুখ সুখলৈ কৰে ৰূপান্তৰ 

আজিও দেখোঁ তুমি চাগে কথাৰ চহকী নয়না
দুখেই কুলাইপাচি ধৰাৰ পিছতো তুমি 
দুখ কি জীৱনত অনুভৱ নকৰিলা এবাৰো
সেই বাবেই হয়তো দুখে নোৱাৰিলে হাৰ মনাব-----।


                              


কবিৰ ঠিকনাঃ
✍️ নিপু কুমাৰ দাস 
কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)