দৰিদ্ৰ ছাএ-ছাএী••গীতাৰ্থ মজিন্দাৰ

Rinku Rajowar
0
অলপ আগত এটা নিউজ চেনেলত দেখিলো,এজন ব্যক্তিয়ে এজন শিক্ষকক ফোনত বৰ বেয়াকৈ কৈছে।বেয়াকৈ কোৱা কাৰণটো আজি বহুত ঠাণ্ডা হোৱাৰ বাবে স্কুলবোৰ‍ ‌অলপ সোনকালে ছুটী দিলে।আৰু সেই বাবে এজন ব্যক্তিয়ে সেই স্কুলৰ এজন শিক্ষকলৈ ফোনৰ যোগে বহুত বেয়াকৈ কথা পতাৰ নিউজ। বৰ্তমান সময়ত এইবোৰ কোনো নতুন ঘটনা নহয়। এনেকুৱা নিউজবোৰ প্ৰায়ে দেখা পাই থাকো।
     নিউজ চেনেলবোৰে এনেকৈ নিউজবোৰ তৈয়াৰ কৰে যে এই ঘটনাবোৰ এজন শিক্ষকৰ হে দোষ থাকে। ছাত্ৰ-ছাত্ৰীবোৰে যেন একো নাজানেই।
              নিউজবোৰ  চাই কেইটামান দৰিদ্ৰ পৰিয়ালৰ বিষয়ে লিখিবলৈ মন গ'ল।এই জাৰত কপি থকা চুৱেটাৰ এটা নিপিন্ধাকৈ শ্ৰেণী কোঠাত বহি থকা সেই ছাত্ৰ-ছাত্ৰী সকলৰ কথা ভাবিলেই স্কুল সোনকালেই ছুটী নহয় স্কুল বন্ধই দিব লাগে বুলি মই ভাবোঁ।এই জাৰত এটা চুৱেটাৰ নিপিন্ধাকৈ এটা শ্ৰেণী কোঠাত বহি থকাটো জানো সম্ভৱ। এটা কথা সচাঁ চৰকাৰে সকলো দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ইউনিফৰ্ম,চুৱেটাৰ, জোতা -মোজালৈকে দি সহায় কৰা বহুত উদাহৰণ আছে। কিন্তু এতিয়া কথাটো হ'ল যে আজি কালি ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে পোনপতীয়া ভাবে ইউনিফৰ্ম যোগান নধৰে। একাউণ্ট টকাহে দিয়ে। কিন্তু তাক লৈ চৰকাৰ খনক কোনো দোষ দিব বিচৰা নাই।
          এক প্ৰকাৰৰ চৰকাৰে এইটো ভাল চিন্তাহে কৰিছে। কাৰণ কিছুমান বিদ্যালয় প্ৰধান ঠিকাদাৰকো দেখিছোঁ যে বিদ্যালয় খনৰ ঠিকাদাৰ জনে যিবোৰ পিন্ধিব নোৱাৰা কাপোৰ দি টকাবোৰ শোষন কৰে।এই বোৰৰ বাবে প্ৰতেক জন ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত টকা সোমোৱাৰ প্ৰক্ৰিয়াটো এটা ভাল প্ৰক্ৰিয়া বুলি মই ভাবোঁ। লগতে সকলো বিদ্যালয় ঠিকাদাৰবোৰলৈ এটা অনুৰোধ তেওঁলোকে নিজৰ নিজৰ পকেটৰ কথা চিন্তা নকৰি, দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ কথা ভাবিলে ভাল হয়।

✍গীতাৰ্থ মজিন্দাৰ
ঘৰ ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)