তেওঁ মোৰ মা ••মাৰ্জিনা বেগম

Rinku Rajowar
0
হেজাৰ ত্যাগ আৰু যন্ত্ৰণা 
 ওঁঠ চেপি সহ্য কৰি  
নিজে জ্বলি পোহৰালে  যি 
অন্ধকাৰৰ পৰা তুলি আনি......
                তেওঁ মোৰ মা।।

মাতৃত্বৰ গৌৰৱত আত্মহাৰা হৈ 
আলফুলে বুকুত সাৱটি 
দুগালত উপচাই দিছিল যি 
 সীমাহীন  চেনেহৰ পৰশ.....
                  তেওঁ মোৰ মা ‌।।

ওৰে  নিশা উজাগৰে ৰৈও
মৌ-মিঠা এষাৰি মৰমৰ মাতত 
দুটি ওঁঠত তৃপ্তিৰ হাঁহি আঁকি
 সামৰি ল'লে যি  ডেউকা মেলি......
           ‌        তেওঁ মোৰ  মা ।।            

চাদৰৰ আঁচলত কঢ়িয়াই  
এসাগৰ মৰমৰ সঞ্জীৱনী সুধা
চিৰ সুন্দৰ প্ৰেৰণাময়ী নাৰী যি 
জীৱনৰ প্ৰথম প্ৰেমৰ বোৱঁতী ধাৰা.......  
                  তেওঁ  মোৰ মা।।

 
✍️মাৰ্জিনা বেগম
        বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)