ডাকোৱাল পিতৃ ••অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
দেউতা  ! 
তোমাৰ পুৰণি স্মৃতিয়ে
উগুল থুগুল লগাইছে মন গহ্বৰত
তুমি ডাকোৱাল পিতৃ মোৰ
তিনিটা  দশকৰ ,
সৌ হাৰকিউলিচ চাইকেলখন
আজি সংগী বিহীন 
অনাদৰে পৰি আছে স্মৃতিৰ মজিয়াত ।
বহু চিঠি কঢ়িয়ালা
বহু প্ৰেমিকৰ মন মিলালা
দূৰ্ভগীয়া বহু জনৰ খৱৰ জনালা
সুখৰ বাতৰি বিলালা 
নিয়োগপত্ৰ দিছিলা ঘৰে ঘৰে গৈ
চাইকেলৰ টিলিঙা বজায় ।
শিক্ষয়িত্ৰীৰ নিযুক্তিৰ পত্ৰখন 
তুমিয়েই দিছিলাহি মোক আবেলি পৰত
সেই দিনা তুমি কান্দিছিলা
দুচকুত নিগৰিছিল সুখৰ লোটক ।
দেউতা !  
তুমি ডাকোৱাল তিনি দশকৰ
তুমিহীন আজি এই ঘৰখন
স্মৃতিৰ সাক্ষী আজি 
তোমাৰ পুৰণা চাইকেল খন।
আশংকাত কঁ‌পিছিলোঁ‌ 
ভয়ে ভয়ে হাঁ‌হিছিলোঁ‌
আৱেগ জগায় সংগোপনে পঢ়িছিলোঁ
ডাকত অহা প্ৰণয়ৰ প্ৰথম চিঠি খন ।
তুমি প্ৰশ্ন কৰা নাছিলা , 
সন্মতি দিছিলা প্ৰণয়ৰ বান্ধোন 
চিৰযুগমীয়া হ'বলৈ ।
দেউতা , আমি সুখেৰে আছোঁ‌ 
তুমিও সুখেৰে থাকিবা অজান ঠাইত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)