চাৰিকড়ীয়া পাৰ হৈ।
জেংৰাইমুখত আঘোণৰ উলাহ,
চাপৰিটো সেউজীয়াৰ পৰা সোণোৱালী হোৱালৈ, ক'ত যে আহ-যাহ।
গধূলিৰ বেলিটো ৰঙা হৈ উলমি ৰয়,
বতাহত কহুৱা হালে
ক'ৰবাত জিলিৰ মাত।
মুনি চুনি পোহৰত বাটৰুৱাই কৈ যায়
লুইত খন মাজুলীৰ বুকুৰে বৈ যায়।
নিমাতীৰে সপোন এটা বগুৱা বাই,
মাজুলীলৈ শোক এটি উজাই আহি
ক'ৰবাত লীন যায়।
সময় বোৰে বাগৰ সলাই উভতি আহে
মাজুলীৰ পৰা চাৰিকড়ীয়া হৈ,
ঠিক চাৰিকড়ীয়াইদি মাজুলী পোৱাৰ দৰেই।
✍️মমী দত্ত।
ঢকুৱাখনা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ