অস্তিত্ব এক শিপা••ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
অস্তিত্ব মোৰ শক্তি ,
 লক্ষ্য -লক্ষ্য জীৱনৰ 
ঘাতপ্ৰতিঘাতৰ  মাজেৰে  ও
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সাক্ষী হৈ ৰৱ ৷
অতিত অবিহনে  জীৱন  সাৰ্থক  নহয় , সেয়া বৰ্তমানেও কয়  আৰু
ভৱিষ্যতেও কব ৷ 
দিনৰ পিছত ৰাতি হয়  সৃষ্টিৰ  
জগতখন তেতিয়া সত্যত ৰয় ৷ 
বিজ্ঞানৰ দুৰ্বলতাত প্ৰযুক্তি কাহানিও সবল নহয়  ৷
আৰু সবল নহয় অলেখ পৰিকল্পনাৰ জয় যাত্ৰা ৷
 এডাল  মালাৰ এটি পুষ্পৰ আৰম্ভণিয়ে শেষত শক্তি আৰু সৌন্দৰ্য  বঢ়াই ৷ 
পূৰ্বপুৰুষৰ ৰীতিত আজিৰ চিন্তাধাৰা  অতুলনীয়  তথাপি 
সপোন অস্তিত্ব বিনে আধৰুৱা ৷ 
পৰিচয়ৰ পাতনিতে প্ৰমাণিত হয় 
অস্তিত্ব , কৰ্মৰ পথাৰত পোৱা যায় অস্তিত্ব  , এজোপা বৃক্ষৰ   ছাঁত  বিচাৰি পোৱা যায় আমাৰ  অস্তিত্ব৷


                      📌ৰজনী কুমাৰ ডেকা 
                              ৰঙিয়া  ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)