অভিমান ভৰা কথাবোৰ••দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
অ' অচিনাকী চৰাইজনী
আহিবানে আকৌ এবাৰ
নিঃস্তব্ধ সময়ৰ মৌনতা ভাঙি 
ক'বলগীয়া বহু কথাই আছে
জোনাক সিঁচিছিলা যে হৃদয়ত 
অনুভৱ জগাইছিলা যে অভিমানী মনত।
মনৰ মাজত সাঁচি ৰাখিছোঁ
এটি এটিকৈ বহু কেইটা কথা
ভাবিছোঁ তুমি মোৰ নিঃসংগতা আঁতৰাবলৈ আহিলে
হিয়াৰ বেদনাৰ সকলো কথাই কম।
জীৱন বাটত পাই অহা বেদনা
আৰু.... আৰু যে তুমি মোক
প্ৰতিজ্ঞা দিছিলা সেয়া পাহৰিলা নি
কিয় তুমিয়েই চোন তোমাৰ লগতে
এজাক অচিনাকী চৰাই আনি
মোক গীত শুনাই হাঁহিবলৈ শিকাইছিলা।
পাৰিলে এবাৰ আহিবা দেই
নাহিলেও অভিমান নকৰোঁ দিয়া
নহ'লে আনৰ দৰে তুমিও চাগে
মোক জেদী আৰু অহংকাৰী বুলি ভাবিবা
কাৰণ মই নোৱাৰিম অ সঁচাকৈ
মিছা বদনামবোৰ বুকুত কঢ়িয়াই জীয়াই থাকিবলৈ 
অচিনাকী অভিমানী চৰাইজাক 
আহিবা এদিন সময় উলিয়াই
মোৰ অভিমান ভৰা কথাবোৰ শুনিবলৈ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)