অণুগল্প-সেন্দুৰ••জুৰিমণি মুদৈ

Rinku Rajowar
0
প্ৰতিমাই ৰাতিপুৱা গা-পা ধুই আহি ড্ৰেচিং আইনাখনৰ সন্মুখত বহি প্ৰসাধন কৰি থকাৰ সময়ত তাইৰ স্বামী নিৰ্মলে প্ৰায়ে কয়, "তুমি সৰুকৈ হ'লেও কপালত সেন্দুৰৰ ফোঁটটো ল'বাচোন! সেন্দুৰৰ ফোঁটটোৰে  তোমাক বৰ ধুনীয়া দেখি।"
             সেই সময়ত নিৰ্মলৰ কথাত তাইৰ খুবেই খং উঠিছিল। কাৰণ তাই গাঁৱৰ সেই অৰ্দ্ধ শিক্ষিত বোৱাৰী নহয় যে এইবোৰ আওপুৰণি অন্ধবিশ্বাস মানি কপালত সেন্দুৰৰ ফোঁট আঁকি ল'ব! তাই হৈছে মহানগৰীৰ এগৰাকী উচ্চ শিক্ষিতা বোৱাৰী।
                    কিন্তু আজি সেই একেখন ড্ৰেচিং আইনাৰ সন্মুখত বহি এতিয়াহে তাই উপলব্ধি কৰিলে,যে দেখাত এই সেন্দুৰখিনি তেনেই সাধাৰণ  যদিও এগৰাকী বিবাহিত মহিলাৰ বাবে এই সেন্দুৰখিনিৰ মূল্য কিমান?

                                                                 ✍️জুৰিমণি মুদৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)