নাৰী তুমি সঞ্জীৱনী•• লুকুমণি চুতীয়া

©Admin
0
শেৱালীৰ সুবাসৰ দৰে 
সুগন্ধিত তুমি 
জীৱনৰ সকলো কঠিন পথ 
পোহৰাই তুলিছা 
এমুঠি সাহসৰ জোনাক সিঁচি ।।
কণ্টকময় জীৱনৰ তুমি 
অক্লান্ত পথিক ।
বিষাদ আৰু সংঘাতেই যে,
তোমাৰ জীৱনৰ প্ৰত্যুত্তৰ ।।
হেৰাই যাই সকলো 
জীৱন যুদ্ধত ।
মাথোঁ ৰয় ,
নীৰৱতাৰ মাজত দেখা পোৱা 
কেইটিমান নগন্য স্বপ্ন ।।
শুনা পাই জানো কোনোবাই 
দুচকুৰ ক্ৰন্দনৰ ৰোল ,
পাৰিব জানো হৃদয়ত দপদপকৈ 
জ্বলি থকা জুইকুৰা 
এবাৰ নুমুৱাই দিবলৈ ।।
কেতিয়াবা বাৰু বিচাৰি পাম নে 
হেৰাই যোৱা স্বপ্নবাটৰ ঠিকনা ।
সমাপ্ত হ'ব নে সেই নীৰৱতা
নাৰী , তোমাৰ পৰা ।।
তুমিয়েই সেই নাৰী 
'সঞ্জীৱনী'
তোমাতেই সকলো আজি 
ঋনী ।।        

✍️লুকুমণি চুতীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)