শৰৎ কালৰ সৌন্দৰ্য••ৰুণু দেৱী শৰ্মা

©Admin
0
শৰৎ কালৰ মন পৰশত
তগৰে ধৰিছে কলি
পুৱা হ'লে বগা পৰি থাকে
শেৱালি ফুলৰ তলি।
     সঁচাই শৰতৰ শেৱালিৰ তলত দুবৰিৰ দলিছাৰ ওপৰত নিয়ৰে যেন চকুলো টোকে, সম্পৰ্কত শৰৎ আৰু শেৱালিৰ মাজত নিবিড় সম্পৰ্ক আছে শৰৎ কালতেই।সুজলা-সুফলা শস্য শ্যামলা অসমী আইৰ ৰূপ লাৱণ্যৰ লগত জড়িত হৈ আছে ভিন ভিন সময়ৰ ভিন ভিন ঋতু।ঋতু বিশেষে অসমী আইৰ দৈহিক ৰূপৰ কিছু তাৰতম্য ঘটে।ছয় ঋতুৰ ভিতৰত বসন্ত আৰু শৰতকেই প্ৰশস্ত বুলি ধৰা হয়, কিয়নো এই সময়ছোৱাত জাৰ-জহ একোৱেই নাথাকে, বসন্তক ঋতুৰাজ বুলি কোৱা হয় আৰু শৰতক ঋতুৰাণী বুলি কোৱা হয়। সুধাকণ্ঠ ড: ভূপেন হাজৰিকাদেৱে তেখেতৰ গানেৰে ব্যক্ত কৰিছে "শাৰদী ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন সদ্যস্নাতা ৰূপহী, মোৰ পুৱতি নিশাৰ সপোন।"
ক'বলৈ গ'লে চাৰিটা ঋতুৰ ভিতৰত শৰতৰ শোভাই বেছি মনোৰম,শৰত কালতেই প্ৰকৃতিৰ কোলাত কহুৱা ফুলে আৰু শুভ্ৰ কঁহুৱাই শৰত কালত প্ৰকৃতি দেবীক দৃষ্টিনন্দনেৰে বোৱাই আনে আনন্দৰ ধাৰা। এনে লাগে যেন প্ৰকৃতিক পুলকিত কৰাৰ বাবেই কঁহুৱা আহে ধৰালৈ।এয়া যেন কঁহুৱাৰ উদাৰতা,নিজে আহি নিজে ফুলে নিবিচাৰে কাৰো আপডাল। সেয়ে শৰতৰ বতৰত ৰূপৰ আকৰ কহুঁৱাবন আমাৰ মৰমৰ।বিধাতাৰ অনুপম সৃষ্টি এই ধৰা। নানান ফল-ফুল, জান-জুৰি,গছ-গছনিৰে ভৰা
এইখন ধৰণী।মানুহ সৌন্দৰ্যৰ উপাসক, সেয়েহে প্ৰকৃতিৰ
সৌন্দৰ্য ই মানুহৰ মন বিধ্বস্ত কৰে।এখন নিলীম আকাশ,বহল বৃক্ষৰ সাগৰ, বোৱতী নদীৰ দৰে প্ৰকৃতিৰ নানাৰূপে আমাক সদায় আকৰ্ষণ কৰে। তেনেদৰে প্ৰকৃতিৰ অলঙ্কাৰ কহুঁৱা বনেও আমাক মনোজগত অধিকাৰ কৰে অপৰূপ ৰূপ লাৱণ্যৰে।কম-বেছি পৰিমাণে আমি সকলোৱে সৌন্দৰ্য্যৰ উপাসক।কহুঁৱা ফুলৰ নতুন সাজযোৰ পিন্ধি আকৌ আহিল শৰৎ।শৰত অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে এক সুকীয়া পৰিবেশ। শেৱালি ফুলৰ সুবাদে সকলোৰে মন আনন্দময় কৰি তোলে আৰু এই প্ৰকৃতিক সুন্দৰ ৰূপত কৰি তুলিবলৈ যেন শৰতৰ আগমন। শেৱালি আৰু কহুঁৱা ফুলিলেহে যেন শৰৎ আহে। কঁহুৱাই সকলোকে হাত বাউল দি মাতে , শৰতৰ আগমনৰ পিছতেই কহুঁৱা হৈ পৰে এলাগী,আকৌ কহুঁৱাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অপেক্ষা কৰিব লাগে আন এক শৰতলৈ।বৰষাই জুৰুলা কৰা অসমৰ প্ৰকৃতিৰ বুকুলৈ আশাৰ বতৰা লৈ আহে শৰতে। অসমৰ কৃষিভূমি শস্যৰে পৰিপূৰ্ণ হয়। খেতিয়কৰ লুনীয়া ঘামৰ বিনিময়ত সিক্ত হোৱা ধাননী পথাৰখন শুৱনি কৰি তোলে।
লাহে লাহে সদ্যস্নাতা গাভৰুৰ দৰে ৰোৱাবিলাক ভৰুণ হৈ প্ৰসৱ বেদনাৰ পৰা অন্ত পেলাই গৰ্ভভেদী ওলাই আহে দীৰ্ঘদিনৰ আশাৰ ফচল।আহিনৰ মৃদু বতাহত হালি-জালি হাঁহি থকা শস্য পথাৰৰ ৰূপ লাৱণ্য দেখি মনৰ পৰা বৰষাৰ ঘোৰ অন্ধকাৰ বোৰ আঁতৰি যায় আৰু সাজু হয় আঘোনত লখিমী আদৰিবলৈ।গ্ৰীষ্মৰ প্ৰখৰ উত্তাপ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে শৰতৰ আগমনত আৰু দিনবোৰো লাহে লাহে ছুটি হৈ আহে।শৰতৰ আমেজভৰা নিশাত চন্দ্ৰৰ চন্দ্ৰাৱলী ৰাতি স্নিগ্ধ জোনাকৰ সুকোমল কোলাত
আইতাকৰ সৈতে তাহানিতে চোতালত বহি নাতি -নাতিনীহঁতে জোনাকী মেলা পাতিছিল। জোনাকী মেলত আইতাৰ সাধু শুনি আত্মবিভোৰ হৈছিল।এনে শাৰদী পূৰ্ণিমা নিশা স্নিগ্ধ জ্যোৎস্নাত সাঁতুৰি-নাদুৰি ভগৱান কৃষ্ণই গোপিনীৰ লগত ৰাসক্ৰীড়া কৰিছিল। শৰতৰ চন্দ্ৰাৱলী ৰাতিত কৃষ্ণৰ সুমধুৰ বাংশীৰ ধ্বনিয়ে গোপীসকলক আপ্লুত কৰিছিল। সেয়েহে মহাপুৰুষ শংকৰদেৱে লিখিছিল ----
"শৰৎ কালৰ ৰাতি অতি বিতোপন,
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন।"
এনেকৈয়ে শৰৎ আহে।শৰৎ আৰু শেৱালিৰ যেনে নিবিড় সম্পৰ্ক তেনেকৈ ঠিক শৰতৰ লগত আহিনৰ সম্পৰ্ক।ভাদ মাহত শৰৎ আৰম্ভ হোৱাৰ লগে-লগে শ্যামলীমা প্ৰকৃতিৰ বুকুত কহুঁৱা বনবোৰ ফুলি হালি-জালি ৰূপহী অসমী আইৰ জেউতি চৰায়। নৈৰ পাৰে পাৰে কহুঁৱাবোৰ ফুলি এক অবুজ শিহৰণ জাগে।
         ভাদ মাহত অসমৰ গাঁৱে, নগৰে চহৰে হৰিনামৰ ধ্বনিয়ে আকাশ-বতাহ মুখৰিত কৰে।লগতে মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি আদিয়ে মানুহৰ মন পৱিত্ৰ কৰি ৰাখে। ইয়াৰ পিছত আহিনত আহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ
জন্মোৎসৱ , শাৰদীয় দুৰ্গোৎসৱ আৰু অন্যান্য পূজা উৎসৱ যেনে ---লক্ষ্মীপুজা,কালীপুজা,
দীপান্বিতা ইত্যাদি।এই তিথি ,উৎসৱ পূজা পাৰ্বনবোৰ হিন্দুৰ এক অবিচ্ছেদ্য অংগ।ধৰ্মীয় উৎসৱবোৰ আমি সকলোৱে যুগ যুগ ধৰি পালন কৰি আহিছোঁ আৰু এইবোৰে আমাক সকলোকে একতাৰ এনাজৰীৰে বান্ধ খুৱাই আমাৰ মাজত ভাতৃত্ববোধ জগাই তোলে।শৰৎ কালত কৰা পূজাক শাৰদীয় পূজা বোলা হয় আৰু এই শাৰদীয় দুৰ্গা পূজাই হিন্দুৰ আটাইতকৈ ডাঙৰ উৎসৱ।এই
দুৰ্গোৎসৱৰ সময়ত ৫-৬ দিন ধৰি অসমৰ গাওঁ -ভূই সকলোতে বহুতো উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয।এই সাৰ্বজনীন দূৰ্গা পূজাত ধনী কি দুখীয়া সকলোৱে একোখন বস্ত্ৰ লয়।
শৰতৰ ৰাতিপুৱা দুবৰিৰ দলিছাৰ ওপৰত স্নিগ্ধ কোমল সদ্য প্ৰস্ফুটিত শেৱালি ফুলবোৰ ফুলি থকা দেখিলে এক অনাবিল শিহৰণ জাগি উঠে।ৰাতিটো থাকি পুৱা হ'লে ফুলবোৰ পুৱাতে মৰহি যায়।
শুকুলা ডাৱৰৰ মাজেদি শৰালিজাকে দূৰ-দিগন্তলৈ যেতিয়া উৰা মাৰে তেতিয়া এক অপূৰ্ব নান্দনিক দৃশ্যৰ সৃষ্টি হয়। সন্ধিয়া নীড়মুখী পক্ষীজাকে যেতিয়া ঘূৰি আহে পশ্চিম দিগন্তত তেতিয়া ডুবু -ডুবু হোৱা ৰাঙলী সূৰুযৰ
হেঙুলি আভাই সৃষ্টি কৰা মনোমোহা দৃশ্যই শৰতৰ আকাশত সুৱগা চৰায়।শৰতৰ নিশাবোৰ আমেজভৰা আৰু বিতোপন। 
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই কৈছে ------
"শৰৎ নিশাই তৰাৰে সজাই 
আইৰে কেশ,
অ' ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ"!

✍️ৰুণু দেৱী শৰ্মা
গুৱাহাটী ৩৭
91010364776

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)