জীৱন বাটৰ প্ৰতিপল,
বিৰক্তি নকৰোঁ আৰু
নকৰোঁ কেতিয়াও কল।
আজি তোমাক ভালপাওঁ বুলি
ইমান অবহেলা কৰি আছা,
হৃদয়খন মোৰ পাষাণ
এয়াই তো ভাবিছা।
ভালে আছা ভালে থাকিবা
মোৰ বাবে দুখ নকৰিবা,
হৃদয়খন বিষাদেৰে ভৰি পৰিলেও
কেতিয়াও আৰু নাহিবা।
বিদায় ল'লো তোমাৰ পৰা
সুখেৰে জীৱন গঢ়া,
হ'ব চাগে মই হ'বও পাৰোঁ
ৰাতিৰ আকাশৰ তৰা।
ভালেই থাকিবা ভালেই আছোঁ
তুমি তো হাঁহিবলৈ শিকাইছা,
জীৱন বাটত দুখক আঁকোৱালি লৈ
জীয়াই থকাৰ আশ্বাসও দিছা।
◾শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ