কিযে এই মায়াবী জীৱন-নিপু কুমাৰ দাস

©Admin
0
দুখ...!
কেতিয়াবা কেনেকৈ 
দুওঁঠৰ 
মুগ্ধ হাঁহি আঁতৰাই 
গুজি লয় শব্দহীন মৌনতা
কেতিয়াবা আকৌ 
সংগোপনে 
মন মুগ্ধ কৰা হাঁহিৰ ভাঁজত 
বাহৰ পাতে দুখে।

শুনি থকা গানটোৰ সুৰেও
কেতিয়াবা 
খুন্দিয়াই নীৰৱে 
বুকুৰ মাজত বিষাদৰ কাঁইট হৈ
নিৰৱচ্ছিন্ন 
হাঁহিৰ ঠুনপাক
বিমল আনন্দ মনাকাশত
কলীয়া মেঘৰ ছাঁ।

চকুত চকুপানীবোৰ 
দুখ সাগৰত ওপঙে সুখৰ ঢৌ 
বিষাদ হৃদয়ৰ যেন
পোৱা-নোপোৱাৰ খতিয়ান 
দিনহীন 
কিযে এই মায়াবী জীৱন 
হাঁহি-কান্দোন 
দুখৰ অভিনন্দন...।

স্বপ্ন বিভোৰ   
প্ৰণয় মধুৰ হৃদয় চুই 
বিষাদেই খান্দে বিৰহৰ পুখুৰী 
প্ৰতি পল কেতিয়াবা
প্ৰশ্ন কি, কি সুধিবলৈ মন
অৰহৰ জাগে 
হৃদয়ত প্ৰশ্নৰ অজান সফুঁৰা 
জন্ম-মৃত্যু কি ?
এক জীৱন পৰিক্ৰমা 
বুজিও নুবুজোঁ যেনি কথাবোৰ 
কিযে মায়াৰ বান্ধোন....।
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)