হেৰাই যাম••দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
পাহৰি গ'লো অতীতৰ প্ৰতিটো
বিষাদভৰা স্মৃতিৰ কাহিনী
চকুৰ আগত দেখি থকা
বৰ্তমানতে নিজকে আবদ্ধ কৰিছোঁ।
এনেকৈতো সকলোকে কও
সকলোকে বুজনি দিওঁ 
কিন্তু নিজক যে বুজনি দিব নোৱাৰোঁ 
আনক চোন ভালকৈয়ে সাহস দি
আগুৱাই যাবলৈ প্ৰেৰণা দিওঁ
কিন্তু নিজৰ দুভৰি আগুৱাই নিবলৈ চোন
বহুত বাৰ ভাবিবলগীয়া হয়।
কিয় হয় এনেকুৱা মোৰ লগত
আনৰ আগত নিজকে সুখী
হোৱা দেখাই ভিতৰি ভিতৰি যে
মই একেবাৰে ভাগি পৰো।
নিজকে পাহৰি গৈছোঁ মই
হেৰাই যাম কোনোবা এদিন
জীয়াই থাকিবৰ ইচ্ছা নোহোৱা হৈছে
অভিনয়তে জীয়াই থকা সমাজখন
ভাল নলগা হৈছে মোৰ ।

🔲দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)