পৰিয়াল পৰিচলনাত নাৰীৰ ভূমিকা••ৰাজনন্দিনী কাকতি

Rinku Rajowar
0
প্ৰস্তাৱনা: নাৰী দুটা বৰ্ণৰ এই শব্দটোৱে বহন কৰে গভীৰ তাৎপৰ্য তথা বিশেষ মহত্ব।নাৰী ত্যাগৰ প্ৰতীক,মমতাৰ প্ৰতীক,লগতে এখন ঘৰৰ সুখ আৰু শান্তি সমৃদ্ধিৰ গৰাকী।নাৰীক না না ৰূপেৰে বিভূষিত কৰা হয়। নাৰী অন্যনা,মহীয়সী,তথা ত্যাগময়ী, শক্তিদায়িনী, সভ্যতাৰ ভূষণ। সংসাৰ যাত্ৰাত বিভিন্ন ৰূপত, বিভিন্ন পদক্ষেপত নাৰীৰ ভূমিকা তুলনাবিহিন।নাৰী হৈছে উৎপাদিকা শক্তি যাক মানুহে প্ৰকৃতি বুলি কয়। ইংৰাজীত কোৱা হয় ;Man is product by Nature;                                             
মূল বিষয়: অৰুন্ধত্যনসূয়া চ সাবিত্ৰী জানকী সতী।
                 দৌপদী কন্নগী গাৰ্গী মীৰা দূৰ্গাৱতী তথা।।
     

পৃথিৱীৰ সকলো জাতিৰে ইতিহাস সভ্যতাৰ বিকাশত নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ধৰ্মীয় আখ্যানৰ পৰা যদি চাঁও আমি দেখিম যে নাৰীক ভাৰতীয় সমাজত আগস্থান দিয়া হৈছিল।এই ক্ষেত্ৰত দূৰ্গা মাৰ জন্ম কাহিনীটোৱে প্ৰাচীন ভাৰতীয় সমাজত নাৰীৰ স্থান প্ৰমাণ কৰে। ভাৰতীয় পৰম্পৰাত নাৰী দেৱীস্বৰূপ।জগতৰ সকলো নাৰী দেৱীসকলৰ অংশ স্বৰূপেই।যিগৰাকী দেৱী কৰুণাময়ী প্ৰয়োজনত সেই নাৰী গৰাকীয়েই সংসাৰকাৰিনী হৈ পৰে।যেতিয়াই অন্যায়, অনুচিত আদিৰ বিৰুদ্ধে নাৰী শক্তি জাগি উঠে, তেতিয়াই কুসুমকুমল নাৰী গৰাকী হৈ পৰে বজ্ৰহূদয়া।
                 ইয়াৰোপৰি নাৰী মন:স্তত্ব সম্পৰ্কে বৈজ্ঞানিক ভাৱে সমালোচনা হোৱা বিভিন্ন সময়ত দেখা যায়। পুৰুষ নিয়ন্ত্ৰিত সমাজ ব্যৱস্থাৰ ঘোষিত -অঘোষিত অজস্ৰ বাধাৰ প্ৰাচীৰ পাৰ হৈ নাৰীৰ প‌্ৰজ্ঞা,প্ৰতিভা, বুদ্ধিমত্তা সপন্ন ব্যক্তিত্বৰ প্ৰকাশ পাবলৈ সমগ্ৰ বিশ্বতেই বহু সময় লাগিছিল।লাহে লাহে সময়ৰ গতিত সাহিত্যৰ বিভিন্ন দিশত নাৰীবাদী চিন্তাই প্ৰাধান্য পাবলৈ লয়। পুৰুষৰ ৰচনাত নাৰী চৰিত্ৰৰ ৰূপায়ন কেৱল পুৰুষৰ দৃষ্টিভংগীৰে নহয়, নাৰী দৃষ্টিভংগীৰে নাৰী একাত্মভাৱে স্থাপন কৰি বিশ্লেষণ কৰাৰ আৰম্ভ হয়।ডঃবাণীকান্ত কাকতী দেৱৰ "সাহিত্য আৰু প্ৰেম"নামৰ গ্ৰন্থখনৰ; "নাৰী হৃদয়"এটি উল্লেখযোগ্য প্ৰবন্ধ।: কাৰোবাৰ বাবে প্ৰেমৰ স্বৰূপ খন্তেকীয়া মোহৰ ধৰফৰণি, আৰু কাৰোবাৰ বাবে প্ৰেম,প্ৰেৰনাৰ শক্তি"।এই দুই ধৰণৰ প্ৰক্ৰিয়াটো উপলক্ষ্য কৰিয়ে কাকতিদেৱে প্ৰবন্ধটো লিখিছে।ডঃকাকতি দেৱে প্ৰবন্ধটোৰ মাজেৰে নাৰী মনঃস্তত্ব,আলোচনা কৰিছে।নাৰী চিন্তা ভাৱনা,আবেগ, অনুভূতিৰ প্ৰতি কাকতি দেৱ আছিল শ্ৰদ্ধাশীল।তেখেতে বিশ্বাস কৰিছিল যে নাৰী, পুৰুষৰ উভয়ৰে অৱদানৰ দ্বাৰাহে মানৱ সভ্যতাৰ বিকাশ সম্ভৱ হৈছে।
              

                         নাৰীয়ে সৃষ্টিৰ আদি মূল।এখন দেশ, এখন সুস্থ সমাজ, এখন সৰ্বাংগ সুন্দৰ ঘৰ এগৰাকী নাৰী অবিহনে অসম্পূৰ্ণ। চীনৰ প্ৰতিবাদী লেখক মাও -চে-তুঙে কৈছিল“ অৰ্ধ আকাশ নাৰীৰ হাতত" নাৰীৰ অবিহনে সৃষ্টি অসম্ভ।সমাজো অসম্ভৱ। তাৰোপৰি এগৰাকী সু-পৰিচালিকা নাৰীৰ অবিহনে এটি পৰিয়াল জীৱন পথত আগুৱাই যাৱলৈ কঠিন হৈ পৰে।এগৰাকী নাৰীয়ে তেওঁৰ সততা, ধৈৰ্য, মমতা আদি গুনেৰে অসম্ভৱকো সম্ভৱ কৰি তোলে। বৰ্তমান সময়ত দেশৰ বিকাশত পুৰুষৰ সমানে নাৰীও ভুমিকা আছে যদিও ক'ৰবাত নহয় ক'ৰবাত আজিও নাৰী অৱহেলিত।
                         সাধাৰণতে নাৰী অনেক সময়ত সমালোচনাৰ সন্মুখীন হৱ লগীয়া হয়। চেমুৱেল ৱাল্টাৰৰ মতে"দস্যুৱে তোমাৰ ধন -সোণ বা জীৱন দাৱী কৰে আৰু নাৰীয়ে সেয় দুয়োটাকে দাবী কৰে"। তেওঁ আকৌ ক'ব খোজে যদি ঈশ্বৰে নাৰীক পুৰুষৰ সহায়কাৰী বুলি গণ্য কৰে, তেনেহলে তেওঁক পুৰুষৰ বিষয়ে হীণ মন্তব্য দিয়া বুলি কম "।
                         এখন দেশ তথা সমাজৰ এগৰাকী নাৰীৰ ভূমিকাৰ কথা কবলৈ যোৱাৰ আগতে ক'ব লাগিব এগৰাকী নাৰীৰ নিজ পৰিয়ালৰ প্ৰতি থকা দায়িত্বৰ কথা। প্ৰকৃততে জীৱনৰ প্ৰতিটো স্তৰতেই নাৰী বিভিন্ন ৰূপত আবিৰ্ভাৱ হয়। মাতৃ, জীয়ৰী, ভগ্নী, পত্নী, প্ৰেয়সী আদি ৰূপে পৰিয়াল আৰু সমাজত চিহ্নিত হয়। গৃহিণীগৰাকীৰ ভূমিকাৰ ওপৰতে এখন ঘৰৰ হাঁহি,পোহৰ,আশা,মৰম, ভালপোৱা আদিবোৰ নিৰ্ভৰ কৰে।অতীতৰে পৰা এগৰাকী নাৰীয়ে বৰ্তাই ৰাখিছে একোখন ঘৰৰ নিৱিড় সম্পৰ্ক।
                         শক্তিৰ দিশৰ পৰা নাৰী বা গৃহিণী দশভূজা স্বৰূপ।গঋহসজ্জ, ৰন্ধন কলাৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালী মানুহ কৰাৰ লৈকে সকলো দায়িত্ব পালন কৰে এগৰাকী নাৰীয়ে অৱশ্যে দায়িত্ব যিমানেই নাথাকে থমকি নৰয় সকলো গৃহিণী। ঘৰৰ বাজেট ,হাহু,হহুৰ মন ভাল লগোৱা , এগৰাকী গৃহিণী, পৰিয়ালৰ বাবে হৈ পৰে কেতিয়াবা কাম কৰা বাই, কেতিয়াবা চিকিৎসক, কেতিয়াবা শিক্ষক, আৰু কেতিয়াবা শক্তিৰূপা বিজয়িনী।আচলতে প্ৰতিগৰাকী নাৰী/গৃহিণী একেই শ্ৰেণীভূক্তা । বিশ্বৰ সকলো গৃহিণীৰে এটাই কামনা কৰে এখন সপোন সনা সংসাৰ।এজন মৰমিয়াল স্বামী, সন্তানৰ মৰম।এয়াই নাৰী এগৰাকী তেজত বৈ থকা এটি চিনাকি সপোন। নাৰী এগৰাকী যত্নৰ পৰশতে ঘৰখনৰ আটায়ে প্ৰাণ পাই উঠে।টাবত হেপাঁহৰ ফুলজুপি ফুলি উঠে। তেওঁৰ হাতৰ পৰশতে থাপনাৰ চাঁকি গছি জ্বলি উঠে, গৃহিণীৰ বাবেই গৃহৰ সুখ দুখ। প্ৰতিগৰাকী নাৰীৰ হৃদয়ত থাকে সুখৰ ঘৰখনৰ চাবিকাঠি।
                         সময়ৰ লগে লগে নাৰীৰ স্থান যদিও বহু ক্ষেত্ৰত উচ্চ স্থানত, তাৰ লগতে কিন্তু এগৰাকী নাৰী বহু সময়ত অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। ইয়াৰ ওপৰিও অতি পৰিতাপৰ কথা যে বিভিন্ন নাৰীজনিত অপৰাধ সমূহত এগৰাকী নাৰীয়ে জড়িত হৈ থাকে। শাহু,নন্দ, স্বামী আদিকে ধৰি নানন নিজৰ পৰিয়ালৰ সদস্য ই যৌতুক আদিৰ কাৰনে শাৰীৰিক মানসিক অত্যাচাৰ কৰা দেখা যায়। নাৰীকেন্দ্ৰিক অপৰাধ সমূহ বন্ধ কৰিবলৈ হ'লে ঘৰৰ মাতৃ গৰাকী আদৰ্শ স্বৰূপ হব লাগিব। 
               সামৰণি : পৰিয়ালৰ এটি পৰিচালনাত এগৰাকী গৃহিণীৰ ভুমিকা ব্যক্ত কৰি শেষ কৰিব নোৱাৰি। আচলতে এখন ঘৰ অসম্পূৰ্ণ এগৰাকী নাৰীৰ অবিহনে।এটা জাতি হল কিছুমান পৰিয়ালৰ সমষ্টি।নাৰী এগৰাকীয়ে প্ৰেমেৰে সেই পৰিয়ালৱোৰ শাসন কৰে। গতিকে এগৰাকী নাৰীয়ে এটা পৰিয়াল হজ, আদৰ্শ স্বৰূপে গড়ি তোলা মানে পৰোক্ষভাৱে এটা জাতি,এখন সমাজ,এখন দেশ উন্নতি সাধন কৰা।
                         শেষত কব পাৰি যেনেদৰে পৃথিৱীত দুষ্টক দমন আৰু সান্তনক পালন বাবে দেৱীক পূজা কৰা হয়,তেনেদৰেই প্ৰতিদিনে পৰিয়াল পৰিচলনাত দেৱীৰ ভূমিকা পালন কৰে এগৰাকী নাৰীয়ে।

               
   উৎস:১/নিয়মীয়া বাৰ্তা , অনুস্মিতা চৌধুৰী ,নাৰীৰ সামাজিক অৱস্থান।
           ২/প্ৰৱন্ধ, বাণীকান্ত কাকতি "নাৰী হৃদয়ত নাৰী মনঃস্তত্ব"।

                         
       
                       
                       
✒️ৰাজনন্দিনী কাকতি।
   M.A(অসমীয়া বিভাগ)
যোগাযোগ: মানপাৰা গুৱাহাটী-২৫
    ৯১০১৫৪৪৯৫৮

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)