অপেক্ষিত প্ৰেমিক••অংকিত প্ৰতীম কাশ্যপ

Rinku Rajowar
0
তুমি জানো আকৌ আহিবা উভতি , 
অতীতৰ কথাবোৰ পাহৰি। 
নিষ্ঠুৰ সময়ৰ আহ্বানত, সকলোবোৰ হৈ পৰিছিল খেলিমেলি। 
কিন্তু, ভুলৰো নাই জানো শুধৰণি। 
দিছিলো তোমাক মই 
প্ৰেমৰ প্ৰস্তাৱ, 
নাজানিছিলো তুমি, 
কৰিবা বুলি প্ৰত্যাখ্যান। 
ঠন ধৰি ফুলা কৃষ্ণচূড়াৰ পাহিবোৰ
আজি যেন গ'ল মৰহি। 
কিয়নো, তুমি গ'লাগৈ মোৰ
হৃদয়ৰ পৰা আঁতৰি। 
দিন যায়, ৰাতি যায় 
কিয় আহে সঘনায়? 
তোমাৰ ছবিটি মোৰ মনলৈ। 
কবলৈ আছে অনেক কথা, 
বুকুৰ মাজত এহেজাৰ বেথা, 
তোমাকেই কম বুলি কৰি আছো আশা। 
প্ৰভাতী পখী জাকেও কয় , 
তোমাৰেই কথা। 
তুমি নুবুজিলা মোৰ
হৃদয়ৰ বেথা। 
দুচকুৰ অশ্ৰুৰে নিগৰিছে
দুখৰ নৈ, 
বেথাবোৰেও খুন্দিয়াই 
হৃদয়তে ৰৈ। 
যাব খুজিছো ঘূৰি অতীতলৈ, 
আহিবা জানো আকৌ, 
তুমি মোৰ জীৱনলৈ। 
অপেক্ষিত তোমাৰ এই 
বলিয়া প্ৰেমিক, 
তুমি উভতি অহাৰ বাটলৈ চাই। 
এদিন সঁচাকৈয়ে , 
আহিবা বুলি তুমি
প্ৰেমৰ গীত গায়। 
কিন্তু আজি..................... 
 প্ৰেম সাগৰৰ
 ইপাৰে তুমি, সিপাৰে মই । 
নাজানো, শেষত তোমাৰ
জীৱন লগৰী কোন হয়।। 

 ✍️অংকিত প্ৰতীম কাশ্যপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)