আঘোণৰ পূৰ্ণিমা -ৰজনী কুমাৰ ডেকা

©Admin
0
আহৈ আহ বান্ধৈহঁত ওলাই আহ
আঘোণৰ পূৰ্ণিমা আজি লৰা-লৰিকৈ আহ  
চুবুৰীয়াৰ চোতালত মহ খেদিবলৈ আহ৷
নৰাৰে মুকুট পিন্ধিম, শুকান কলপাতেৰে ভালুকৰ সাজ পিন্ধিম,
মুখত সাজিম বনৰ বনবীৰ,
বাঁহৰ টোকোৰাটি যতনাই ল,
হাতে-হাতে লাঠি-ডাং  ল ৷
কান্ধৰ জোলোঙা খন নেৰিবি
বোপা-ককাৰ ৰসাল গীতবোৰ জুৰিবি৷
আমি চেমনীয়া মহ-খেদাৰ  সুৰীয়া 
হেৰ মহ অহা-বাটে উভতি যা 
গৃহস্থৰ কুশল কামনা কৰি যা  ৷
গৃহস্থই বিচাৰিব আৰ্শীবাদ, শৰাইখন আগবঢ়াব চেমনীয়াৰ চৰণ ধুৱাব৷
আমি কামনা কৰিম গৃহস্থ কুশলে থাক, আই কুশলে থাক ,
আঘোণৰ পূৰ্ণিমাই কঢ়িয়াই আনক 
অনাবিল আনন্দ, বান্ধৈহঁত ওলাই
আহ, আইৰ সংস্কৃতি জীয়াই ৰাখোঁ আহ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)