আকৌ উঠিব প্ৰাপ্তিৰ ঢৌ
তেওঁৰ ভাল লাগিব
আধ্যাত্মিকতাই বিৰাজ কৰিব
ৰাসথলিত আনন্দৰ বন্যা বৈ যাব
প্ৰাণ পাই উঠিব তেওঁৰ সৃষ্টিত
ৰাধা-কৃষ্ণৰ আত্মিক প্ৰেম
ভক্তগণে সজোৰে ক'ব
প্ৰাণৰ শিল্পী অমৰ হওক।
মূৰ্তিক জীৱন্ত কৰা তেওঁৰ পণ
জনতাৰ আশীৰ্বাদেই তেওঁৰ জীৱন
এটি মাত্ৰ হুমুনিয়াহ ! দেহৰ কামিজটোত
এশটা ফুটা হ'বলৈ এটা মাত্ৰ বাকী...
এয়া আঘোণৰ পূৰ্ণিমা ৰাতি
কুঁৱলীৰ ওৰণি তুলি জোনেও চাব
বোৱতী নৈৰ কেঁকুৰিটোৰ ইটো পাৰৰ কদম গছত
আছেনে কানাই ? মুৰুলি বজাই
মুৰুলীৰ মাত শুনি চঞ্চলা হৈছেনে ৰাধাই
সহস্ৰ জনতাৰ হাজাৰ প্ৰশ্ন
প্ৰেমৰ নামত কি পালে ৰাধাই ?
ৰাধা চঞ্চলা নহ'লে
শেৱালি সুবাস নিদিয়ে,জোনাকে কথা নাপাতে
নৈৰ দুপাৰৰ কঁহুৱাই হালি- জালি
অচিন নাৱৰীয়াক চিনাকি ঘাটৰ বাতৰি নিদিয়ে ।
তেওঁ ভালকৈ জানে ৰাধাবিহীন শূন্যতা
নিজম নিশাৰ নিমগ্নতা
সেয়ে ভোকৰ ভাত এৰি
পিয়াহৰ পানী কাতি কৰি সজাই যায়
ৰাধা-কৃষ্ণৰ মূৰ্তি, অমৰ প্ৰেমৰ সৃষ্টি।
তেওঁৰ বিছনাত সৰি পৰে
নিশাৰ জোনাক, ৰাতিপুৱাৰ ৰ'দ
তেওঁৰ আখলত চাউলবিহীন পানী উতলে
নজ্বলা খৰিক জ্বলোৱা সংগ্ৰাম চলে
কথাবোৰ কোনে ভাবে ?
যি কথা তেওঁ কোনোদিনে নাভাৱে
হে শিল্পী, কানাইৰ মুখত বাঁহী দিয়া
ৰাধাক চঞ্চলা কৰা
শেৱালিক সুবাসিত কৰা
শিল্পী তুমি অমৰ হোৱা
শিল্পী তুমি অমৰ হোৱা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ