আঘোণ মানেই প্ৰাপ্তি••সীতা দেৱী

©Admin
0
আঘোণ মানেই সোণোৱালী পথাৰ,
কৃষকৰ হেঁপাহৰ মিঠা হাঁহি
লখিমী আদৰি অনাৰ বিমল আনন্দ
কাঁচিৰ খচ খচ শব্দৰ লগতে
দাৱনীৰ গীতৰ ৰাগিণী।
আৰু পোণাকণৰ নৰাৰ পেঁপা।
হেঁপাহৰ হেমন্ত,
লেচেৰী বুটলি অনাৰ মধুৰ স্মৃতি।
দাঙৰীৰ ঝনঝন শব্দ,
উদং ভৰাঁল সোণগুটিৰে ৰৌদ্ৰজ্বল হৈ পৰাৰ ,
অনাবিল শান্তি।
ন চাউলৰ প্ৰীতি ভোজ
অসমীয়াৰ প্ৰাণ,
চহাৰ আত্মসন্তুষ্টিৰ মান
আঘোণ মানেই কাতি বিহুৰ
আকাশবন্তি
আঘোণ মানেই প্ৰাপ্তি।।

✍️সীতা দেৱী
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)