বিষাদে খুলি খায় তেনেই ভগা হিয়া••নিপু কুমাৰ দাস

©Admin
0
বতাহ অ' বতাহ কিয় আহিছ তই
মোৰ চোতালত সৰাপাতৰ গান হৈ
বুকুৰ বসন্তত ফাগুনে ৰং-বোলাই  
সৰা পাতে পাতে উচুপি উঠেহি ৰৈ ৰৈ। 
পলাশ বনত শুনো কুলিৰ বিননি
মোৰো বুকুতেই বাঢ়িছে ধপধপনি 
ৰাতি ৰাতি বিষাদত হিয়া উঠে কান্দি
নুবুজ নে তই কি দৰে মই আছোহি 
পলাশ, শিমলু,মদাৰ ৰঙা তেনেই ভগা হিয়া----!
ধূসৰিত ধূলিকণা বুকুতে লৈ আছোঁ 
তথাপিও মন দাপোনত তোকে দেখোঁ 
মৌন দুওঁঠত বসন্তৰ গান শুনোঁ
কিযে বতাহৰ খেল বুজিও নুবুজোঁ।।
                      
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)