কলা ডাৱৰৰ দৰে জীৱন-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
ভাগৰি পৰিছো জীৱনৰ সৈতে
প্ৰতি ক্ষণতে যুঁজি যুঁজি
জীয়াই থাকিবৰ বাবে যিকণ
হেঁপাহ আৰু আশা লাগে
সেয়া লাহে লাহে নোহোৱা হৈছে ।
পাগল হৈ গৈছো এনেকৈ
মৰি মৰি জীয়াই থাকি
 মৃত্যুৰ বাবে অপেক্ষা কৰি আছোঁ
তোমাৰ দৰে মইও গুছি যাম
নেদেখা অচিন দেশলৈ ....।
হিয়া উজাৰি কন্দা কান্দোনো
সকলোৰে বাবে অভিনয়ে হয়
চকুলোৱে কেতিয়াও মিছা নকয়
হিয়াৰ আৱেগেও উচুপি উঠে
প্ৰতিটো নিৰৱ নিশাত ।
কিছুদিনলৈকে ৰাতিৰ আকাশৰ
জোন তৰা আৰু জোনাকী বোৰ প্ৰিয় আছিল
কিন্তু আজিকালি অন্ধকাৰ
বন্ধ কোঠালীত নিজকে আবদ্ধ কৰিহে ভাল লাগে
মৌন হৈ থাকোঁ যদিও
নিজকে কান্দি কান্দি ৰখাব নোৱাৰোঁ
অচিনাকী চৰাইজনীয়েও
খিৰিকীৰ ফাঁকেৰে আহি বুজনি দিব খোজে
কিন্তু মই সেই শক্তিকণো হেৰুৱাই পেলালো কাহানিবাই ।
জীৱনটোৰ প্ৰতি একো মোহ
নাইকিয়া হৈ পৰিছে চোন
কলা ডাৱৰৰ দৰে হৈ পৰিছে জীৱন।

◾দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)