জীৱনৰ আন এটি নাম টকা••ছেলিমা বেগম

Rinku Rajowar
0
জীৱনৰ আন এটি নাম টকা।
এই জীৱনত টকাৰ বাবে 
জীৱনৰ লগত 
যুদ্ধ কৰিব লাগে।
জীৱনৰ চৌদিশে হাহাকাৰ 
টকা উপাৰ্জনৰ বাবে,
জীৱনৰ প্ৰতিটো খোজে খোজে 
টকাৰ বাবে হাবাথুৰি খায় ,
টকাৰ পিছে পিছে দৌৰি থকা
সকলোৰে এক সুকীয়া স্থান আছে।
এই জীৱনৰ লগত সংগ্ৰাম
 কৰি কৰি নতুন যাত্ৰা আৰম্ভ 
কৰিব লাগিব টকাৰ বাবে।
অন্ন , বস্ত্ৰ, বাসস্থানৰ বাবে 
আমি টকা উপাৰ্জন কৰিব লাগিব।
জীয়াই থাকিবলৈ হ'লে টকাৰ
 লগত সংগ্ৰাম কৰি নিজেই
 পদ উলিয়াই ল'ব লাগিব।
জীৱনৰ উকা কাগজত লিখা
 নাথাকে টকাৰ কথা,
জীৱনৰ লগত সংগ্ৰাম কৰিলে 
টকা আহি নিজেই ধৰা দিব ।
সৎ উপাৰ্জন কৰি টকা উপাৰ্জন কৰা ,
জীৱনৰ বাটত পিচলি নাযাবা, 
মৃত্যু আগত ৰাখি টকা উপাৰ্জন কৰা 
কৃতকাৰ্যতা লাভ কৰিবা ।
যাৰ নাই ধন ,তাৰ নাই মান !
জীৱনৰ আন এটি নাম টকা।

◾ছেলিমা বেগম
নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)