এই বিশাল আকাশ ,
ৰ'দৰ পোহৰ দিলা ,
আন্ধাৰ ধৰাত দিলা ,
বৃষ্টিৰ ছায়াঘন
বতাহৰ বা ।
তুমিয়েই নেকি ?
এই অৰণ্য গহন যি,
সেউজৰ শীতল পৰশে
প্ৰাণে প্ৰাণে জগোৱা হৰষ,
শিৰে দিয়া শিৰস্ত্ৰাণ
ভাগৰুৱা পথিকৰ।
বিৰিখৰ ডালে ডালে ,
তুমিয়েই গোৱা নেকি !
সুমধুৰ গান,
মায়াভৰা পৃথিৱীৰ মায়াময় তান।
তোমাৰ মায়াত মুগ্ধ
ঋষি যোগী তপস্বীৰ
তপোব্ৰত প্ৰাণ।
তুমিয়েই যেন নামি আহি শিলাময় পাহাৰ বগাই,
ক্ষীণাঙ্গী অপ্সৰাৰূপী,
গীত গোৱা কুলু কুলুকৈ,
নদীৰ বুকুত মিলি গম্ভীৰা তটিনীহৈ
সাগৰত মিলি যাবলৈ ।
ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট
তুমি মহাবাহু হৈ
ভীত ত্ৰস্ত জনতাৰ
সন্ত্ৰাস জগোৱা
কেতিয়াবা নাচি তুমি মহা তাণ্ডৱ,
ডাৱৰৰ সুদূৰ দেশত
চিকমিক বিজুলীৰ
নাচোনৰ লয়লাসে
নামি আহি ধৰালৈ বৰষাৰ ৰূপে
অখণ্ড মণ্ডলাকাৰে
ব্যাপি আছা ত্ৰিভূৱন
গ্ৰহ তৰা বেলি জোন
লুব্ধক সপ্তৰ্ষি ,
তুমিয়েই নেকি প্ৰভূ
তুমিয়েই নেকি?
◾ৰেণু শৰ্মা
ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ