কত যে উদাসী মন
যেনেকৈ! লঠঙা মদাৰজোপাই
বিচাৰি পায় তাৰ
উতলা চঞ্চল যৌৱন,
ৰিবৰিব মলয়াৰ সৈতে
নাজানো কিনো বিচাৰি ফুৰা
কাণে কাণে দি যোৱা
অনেক আশাৰ বতৰা ।
তোমাৰ আগমনত চোন
শিমলুজোপাই
হালি জালি নাচিছে
আকৌ দেখিছোঁ সৌৱাচোন
সোনাৰুও ফুলিছে,
নাহৰৰ পাহিত বহি পখিলাটিয়ে
একেথৰে চাই ৰৈছে
হয়টো তোমাক মনৰ কথা কৈছে।
চৰাইবোৰেও চোন আনন্দতে
কিৰিলি পাৰিছে
ফাগুন,তোমাৰ আগমনতে
গোটেই ধৰণীখন দেখোন
ৰঙীণ হৈ পৰিছে
তুমি একেবাৰেই ৰৈ যাব নোৱাৰানে ফাগুন?
মই জানো তুমি নোৱাৰা
তোমাৰ বাবে হয়টো অন্য কোনোবাই
অপেক্ষা কৰি আছে নহয়?
তোমাৰ সুবাসত বিলিন হ'বলৈ!
তুমি আকৌ আহিবা দেই ফাগুন
মই অপেক্ষা কৰি থাকিম
তুমি অহালৈ।
◾পাৰ্থপ্ৰতিম গগৈ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ