একপক্ষীয় প্ৰেম••দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
তুমি মোৰ নোহোৱা বুলি জানিও
বাৰে বাৰে তোমাৰ প্ৰেমত পৰো
হৃদয়ৰ পৰা তোমাক মই
নিজৰ আপোন কৰিব খোজোঁ
কিন্তু তুমি চোন মোৰ পৰা
সদায়েই আঁতৰি দূৰে দূৰে ৰোৱা ।
তোমাৰ বাবে কিমান পাগল মই
সেয়া জানোঁ তুমি বুজিবা
তুমিতো মোৰ কথা এবাৰলৈ হ'লেও
ভুলতেও ভাবি নোচোৱা চাগে 
বুজিবলৈ চেষ্টাই নকৰা
মোৰ ভালপোৱা অনুভূতিৰ কথা ।
হৃদয়খনে কিমান যে হাহাকাৰ কৰি উঠে 
তোমাক নোপোৱাৰ বেদনাত
মন যায় তোমাৰ দুচকুত চকু থৈ
মনৰ সকলো কথা খুলি ক'বলৈ
কিন্তু ভয় লাগে অ'
মই তোমাক বিচৰাৰ দৰে
তুমি জানোঁ মোক  বিচাৰা।
গোপনে ৰাখিছোঁ ক'ব নোৱাৰা কথাবোৰ 
তোমাক নাপাওঁ বুলি জানিও
তোমাকেই চোন ভালপাওঁ 
একপক্ষীয় প্ৰেম চাগে এনেকুৱাই
বিচাৰিও যে কাৰোবাক পাব নোৱাৰি।

◾দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)