নিচাৰ সৰ্বগ্ৰাসী ৰূপ••নিবেদিতা হাজৰিকা

Rinku Rajowar
0
শৰীৰৰ বাবে অপকাৰী যিবিলাক বস্তু গ্ৰহণ কৰিলে এৰাব নোৱাৰা হয়, অভ্যাসত পৰিণত হয় তেনেবোৰ বস্তুকে নিচাজাতীয় দ্ৰব্য বুলি কোৱা হয়।
    নিচাজাতীয় দ্ৰব্য সেৱন কৰা লোকৰ সংখ্যা দিনক -দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন নিচা জাতীয় দ্ৰব্যৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই বৰ্তমানৰ সমাজ বিশেষকৈ উঠি অহা প্ৰজন্মক বেছিকৈ আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। নিচাজাতীয় দ্ৰব্য আগতেও আছিল যদিও ইয়াৰ পৰিমান সীমিত আছিল। আগতে নিচা জাতীয় দ্ৰব্য বুলি ক'লে মদ , ভাং আৰু কানিকে বুজোৱা হৈছিল।কিন্তু আজি অসংখ্য নতুন -নতুন নিচাজাতীয়  দ্ৰব্য সুলভ বুলি ক'ব পাৰি ।
  এটা সময় আছিল সমাজৰ এটা মাত্ৰ অংশই হে সুৰাপান  কৰিছিল।সুৰাৰ দোকান সমূহো আছিল জনসমাগমৰ পৰা প্ৰায় আঁতৰত। সুৰা সেৱন কৰা লোক সকলৰ ভিতৰতো প্ৰাপ্তবয়স্ক সকলেই আছিল। কিন্তু এতিয়া উঠি অহা প্ৰজন্মৰ প্ৰায় সংখ্যকেই বিভিন্ন নিচাৰ প্ৰতি আসক্ত বুলি ক'ব পাৰি।অভ্যস্ত বুলি ক'ব পাৰি।
   নিচাৰ সৰ্বগ্ৰাসী ৰূপে বহুতো সুন্দৰ ,মেধাৱী, প্ৰতিভাৱান ল'ৰা-ছোৱালীৰ জীৱনলৈ কাল অমানিশা  নমাই আনিছে। বিপথগামী ,নিচাগ্ৰস্ত সন্তানৰ অশান্তিকৰ কাৰ্য-কলাপে বহু ঘৰৰ পৰিৱেশ , শান্তি আদি বিঘ্নিত কৰিছে।আৰ্থিক ভাৱে স্বচ্ছল অভিভাৱক সকলে সন্তানৰ হাত খৰচৰ বাবে এক মোটা অংকৰ ধন হাতত তুলি দিয়ে কিন্তু সেই টকা ক'ত কেনেকৈ খৰচ কৰিছে সেই কথাৰ খৱৰ নাৰাখে। অভিভাৱকে প্ৰথম ভুলটো সেই খিনিতেই কৰে।অনভিজ্ঞ,অপৈনত সন্তানে  বিচৰাতকৈ অধিক টকা    পালে , ঘৰুৱা তত্ত্বানানৰ পৰা মুকলি হৈ স্বতন্ত্ৰ হৈ পৰি কেতিয়াবা বন্ধুৰ প্ৰৰোচনাত আৰু কেতিয়াবা নিজ ইচ্ছাৰে কেৱল ফূৰ্তি কৰাৰ উদ্দেশ্যে সুৰা বা আন নিচা  জাতীয় দ্ৰব্যত মুখ দিয়ে। এটা সময়ত এই অভ্যাস গাঢ় হৈ পৰে আৰু এৰাব নোৱাৰা অভ্যাসত পৰিণত হৈ পৰে।
  বৰ্তমান পৰিয়াল সমূহ ক্ষুদ্ৰ হৈ পৰাত পৰিয়াল সমূহ ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে। আগতে এঘৰৰ এটা ল'ৰা নষ্ট হ'লে সমাজৰ জ্যেষ্ঠজনে শাসন কৰাৰ অধিকাৰ আছিল।অভিভাৱকেও সেই অধিকাৰ দি ৰাখিছিল। কিন্তু আগৰ দৰে আনৰ সন্তানক শাসন কৰাৰ অধিকাৰ নাই। বৰ্তমান সেই অধিকাৰ সমাজৰ পৰা কাঢ়ি নিয়া হৈছে।আৰু ইয়াৰ সুবিধা লৈয়ে বহু সন্তান বিপথগামী হ'বলৈ সুবিধা পাইছে।কোনো কোনো ক্ষেত্ৰত সন্তান ডাঙৰ হোৱাৰ লগে -লগে পিতৃ-মাতৃয়ে সন্তানক সমীহ কৰিবলৈ আৰম্ভ কৰে। কিয়নো বহু সন্তানে পিতৃ-মাতৃয়ে তেওঁলোকৰ ভুল-ক্ৰটি সমূহ দেখুৱাই দিলে বেয়া পায় আৰু নিজৰ ভুল স্বীকাৰ কৰা বা অনুশোচনা কৰাৰ পৰিৱৰ্তে অভিভাৱকক অপমান কৰিবলৈ তথা বহু  সময়ত অভিভাৱকক আক্ৰমণ কৰিবলৈও কুণ্ঠাবোধ নকৰা হয়।আৰু অসহায় অভিভাৱকে ঘৰুৱা পৰিৱেশ বিনষ্ট হোৱাৰ ভয়ত ,সন্তানৰ ওচৰত অপদস্ত হোৱাৰ ভয়ত মনে-মনে থাকিবলৈ বাধ্য হয়। আৰু সেই সুবিধাতে সন্তান বিপথে যাবলৈ সুবিধা পায় ।
 অপ্ৰিয় হ'লেও সত্য যে সৰ্বত্ৰ যি নিচাৰ  মুকলি, অবাধ বেহাৰ প্ৰচলন হৈছে ইয়াৰ বাবে কিন্তু  ৰাইজৰ দ্বাৰা নিৰ্বাচিত  চৰকাৰ খনেই সম্পূৰ্ণ জগৰীয়া ।কেৱল ৰাজহ সংগ্ৰহৰ উদ্দেশ্য আগত ৰাখি চৰকাৰে উঠি  অহা প্ৰজন্মৰ বাবে যি ধংসৰ বাট মুকলি কৰি দিছে ই সমগ্ৰ পৰিৱেশ সমুলঞ্চে যে  ধংস কৰিব সি ধূৰূপ।
  বৰ্তমান নিচাৰ সৰ্বগ্ৰাসী ৰূপ  সৰ্বত্ৰ শিপাইছে। নিচাৰ সৰ্বনাশী ৰূপৰ সাক্ষী বহু জন হৈছে।সেয়ে এই ক্ষেত্ৰত পিতৃ-মাতৃ, সমাজৰ অভিভাৱক স্বৰূপ জ্যেষ্ঠ সকল তথা চৰকাৰ এই সকলো খিনিয়ে একত্ৰিত হৈ কাম নকৰিলে অনাগত দিনবোৰ বৰ চিন্তনীয় হৈ পৰিব। সমাজৰ শৃংখলা নাইকিয়া হ'ব। পৰিয়ালৰ শান্তি বিঘ্নিত হ'ব। এই সুৰময় জগত খন যেন সুৰাময় হৈ নপৰে ইয়াৰ বাবে প্ৰয়োজন হ'লে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগিব।অন্যথা নিচাৰ সৰ্বগ্ৰাসী ৰূপে ভয়ংকৰ ৰূপ ধাৰন কৰি সকলোৰে অনিষ্ট সাধন কৰিব আৰু ইয়াৰ 
পৰিণতি হ'ব ভয়ংকৰ।

  
◾নিবেদিতা হাজৰিকা
 লখিমপুৰ
যোগাযোগ নং ৯৩৬৫০১৮৭৫০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)