বান্দৰতকৈয়ো আমি নিচ হলো কিজানি-মনোজ ঠাকুৰীয়া

©Admin
0
বছৰটো শেষ হল চাওঁকচোন
কাৰ কাৰ নেজ গজিল কওঁকচোন৷

পশুত্ব আমাৰ মনত চুপ হৈ লোকাই থাকে 
সুযোগ সুবিধা বুজি চিকাৰলৈ হাত মেলে
সভ্যতাৰ শিখৰ আমি গৰকিছো যদিও
আদিম প্ৰবৃত্তি কিন্তু পাহৰা নাই আজিও৷

সাগৰৰ অটল তলি আমি দেখিছো 
চৰাইৰ দৰেই আমি আকাশত উৰিছো
জোনৰ বুকুত এপাক বিচৰণ কৰি আহি 
মংগল গ্ৰহও আমি পদানত কৰিলোঁ ৷

চিকিৎসা শাস্ত্ৰই আজি
আকাশৰ উচ্চতাৰে ফেৰ মাৰে 
যমৰ হাতৰ পৰাও
পৰকালৰ পথিকক কাঢ়ি আনে
তথাপি অপশক্তিৰ আচিলাৰে 
আমি ডাইনী বধি থাকো প্ৰতিদিনে ......। 

বিজ্ঞানৰ নিৰলস সাধনাৰে
সভ্যতাৰ শিখৰ আমি গৰকিছো যদিও 
বন্য অতীত কিন্তু পাহৰিব পৰা নাই
সুযোগ -সুবিধা বুজি মুখাবোৰ খুলি থৈ 
আমি জানো প্ৰতিদিনে
পশুত্বৰ অনুশীলন কৰা নাই ।

দিন -ৰাতি কি কথা কওঁকচোন 
সুবিধা পালেই আমাৰ
পশুত্ব জাগি উঠে চাওঁকচোন ....৷

অৰ্ধআকাশ মানে পুৰুষৰ খেলনা 
সেয়ে আশাৰাম ঈশ্বৰৰো প্ৰিয় আছিল 
অভিসাৰী ললনা....
অন্যবোৰ কোন কূটা কওঁকচোন...৷

জি.এচ ৰোডৰ কাণ্ড কিয় বাৰু ঘটিছিলনো
যামিনী কাণ্ডৰ কথা কোনে বাৰু পাহৰিছো
নৈতিকতাৰ নৈত উজাবলৈ বাদ দি
আমি আজি ভটিয়াই পাইছোঁহি 
বিবৰ্তনৰ প্ৰথম স্তৰতো.....। 
 
বছৰটো শেষ হল চাওঁকচোন 
কাৰ কাৰ নেজ গজিল কওঁকচোন .....।

যদি কাৰো নেজ গজা নাই 
স্খলনৰ চিৰিৰে তললৈ সৰি সৰি 
বান্দৰতকৈও আমি নিচ হলো কিজানি ...৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)