নিয়ৰ সনা ৰাতিপুৱা -জোণমনি ৰয়

©Admin
0
নিয়ৰ সনা ৰাতিপুৱাৰ আগমনে,
কৰিলেহি মোৰ মনটোক জীপাল।
যি জীপালতাই দিয়েহি এক ,
বিশেষ হৃদয়স্পৰ্শী পৰশ।
যি পৰশে কয়হি
সেই দুবৰি বনৰ ওপৰত,
উপঙি থকা নিয়ৰৰ টোপালবোৰৰ কথা যি,
এক অতি সুন্দৰতম।

সেই নিয়ৰৰ কণিকাবোৰৰ , স্পৰ্শকাতৰে যেন ফুলৰ পাহিবোৰকো কৰিলেহি জীপাল ।
যি জীপালতাৰ পৰশ পাই,
ফুলবোৰেও দিয়ে যেন মিচিকিয়াই হাহি।
নিয়ৰ সনা ৰাতিপুৱাৰ নিয়ৰ
গচকি বুটলা সেই শেৱালি ফুলবোৰ,
যি এক অপূৰ্ব দৃশ্য ।
যি নেকি ভাষাহীন ।
নিয়ৰ সনা ৰাতিপুৱাৰ নিয়ৰ, গচকি গৰখীয়াহতৰ পথাৰত 
গৰু এৰাল দিবলৈ যোৱাও দৃশ্য অতি সুন্দৰ ।
পথাৰত নান্দনিক সৌন্দৰ্য্যতাৰে হালধীয়া হৈ,
ফুলি থকা সেই সৰিয়হ ফুলবোৰৰ ওপৰত উপঙি থকা নিয়ৰৰ কণিকাবোৰৰ, 
দৃশ্যও দিয়েহি এক বিশেষ আনন্দ ।
নিয়ৰৰ যেন এক অদ্ভুত মহিমা ।
যি নেকি এই পৃথিৱীৰ এক প্ৰাকৃতিক সৌন্দৰ্যৰ বিশেষতম প্ৰতীক।
যি সৌন্দৰ্যতাক নেকি কৈ কৈ শেষ কৰিব নোৱাৰি ।।


     ✍️জোনমণি ৰয় 
     ঘৰ -তিত্কা তাজে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)