যখিনীৰ থু বিলাক লাগি আছিল।
যেতিয়াই দেখিছিলোঁ
তেতিয়াই এজন বিশেষ মানুহৰ
শৰীৰত আছিল অদ্ভূত ভয়ানক পোছাক।
কণ্ঠ আছিল মাজ নিশাৰ
যম ডাকিনিৰ দৰেই বুকু বিদৰা।
কিন্তু মোৰ আতংকৰ বাবে তেওঁ সেই
অদ্ভূত পোছাকটো সদায় কিয় পিন্ধি আছিল?
মনটোৱে নিজৰ বাট এৰি
পোৱালি মেলিলে।
আগ দুপৰীয়া পৰুৱাই পোৱা
জালুৱাৰ দৰে আচল বাটটো
হেৰাই থাকিল
সমুখত এটা ডেড এণ্ড।
তেওঁ এতিয়া নাই
নিজৰ ঘৰলৈ গুছি গ'লগৈ।
পোৱালি মেলা বাটৰ তলে তলে
কোনেও নজনাকৈ
এইবাৰ এটা সুৰঙ্গ খান্দিলোঁ।
শেষত তাতে বিচাৰি পালোঁ
তেওঁ মোৰ বাবে থৈ যোৱা
এটা গধূৰ টোপোলা আৰু
সেই অদ্ভূত পোছাক পিন্ধাৰ ৰহস্য।
টোপোলা আৰু পোছাকটো
মোৰ বাবে এতিয়া কোনো ৰহস্য নহয়।
মাথো মোৰ অন্তঃসাৰ একান্ত
নিজা আৱিষ্কাৰ আৰু সম্পদ।
আহিনীয়া অমাৱস্যাত
শ্বেত পুষ্প, অক্ষত, দূর্বা, তিল লৈ
তেওঁক দেখা কৰিবলৈ নৈ পাৰলৈ যাম।
সেই টোপোলা আৰু অদ্ভূত পোছাকৰ ঋণ
কাহানিও আৰু পৰিশোধ নকৰোঁ।
তেওঁৰ ওচৰত জন্ম-জন্মান্তৰ
মই ঋণী হৈয়ে থাকিম ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ