পাহাৰৰ বুকু ফালি ওলাই অহা
ধোঁৱা বৰণীয়া আকাশ
আৰু দেখিছোঁ
তামৰঙী চাদৰ লোৱা
এখন মাথোঁ পৃথিৱী
আকাশে লৈ অহা দুখৰ বতৰা,
ফুলিছে নয়নতৰা
বেঙুনী হৈছে দুচকুৰ কাজল
হিয়াখন আকৌ বেপেৰুৱা!
জানৰ সোঁত নিগৰি
শালৰ দেহ খামুচি
আজৰি পৰিছে
ভাগৰি পৰিছে
চকু মুজি মাথোঁ
দেখিছোঁ তোমাকে।
তুমি সেউজীয়া প্ৰাণৰ তান
সুৰ, লহৰ তোমাৰ প্ৰতিশ্ৰুতিত
তুমি 'ইমন' ৰাগ প্ৰথম প্ৰভাতৰ
তুমি জিলিকি থাকা চিৰকাল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ