ভাস্কৰ বৰ্মাৰ কেম্পাচত
ঘূৰ্মূতিয়াই ঘূৰি ফুৰিছিলো মই!
তুমি আহিছিলা অস্থিৰ অবাক হৈ
মোলৈ চাই হাঁহিছিলা লাজুক হৈ,
ব্যস্ততাৰ শিকলিয়ে বান্ধি পেলোৱা মোৰ সন্ধিয়া,
মই ৰৈ দিলোঁ, ঘূৰি চালোঁ, মাত লগালোঁ
একাডেমিক ব্লক বি'ৰ চাদত তুমি বহি আছিলা।
আইও কি মৰম সনা তোমাৰ সেই চাৱনি,
তোমাৰ চাৱনিত ওলমিছিল শীত!
শীতত সেমেকা অনুভৱেৰে মেৰিয়াই ৰখা
তোমাৰ আবেলিত মোৰ আগমনি ।
তোমাৰ সেমেকা আবেলিত কথা নাছিল, শব্দও নাছিল
তথাপি মই উমাল হৈ ভৰি উঠিছিলোঁ তোমাৰ প্ৰণয়ত ।
সেয়ে, লিখিছোঁ কবিতা মৰমৰ,
কাহিনী মৌ-মিঠা, কলিজা উমাল কৰা হেপাঁহৰ ।
সুন্দৰ ❤
ReplyDelete